নগাঁও,20 এপ্ৰিল: পুনৰ লক ডাউন হ’লে খাটি খোৱা লোকৰ জীৱনলৈ নামি আহিব ঘোৰ অন্ধকাৰ । সেয়ে ক’ভিড সৃষ্ট পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি লক ডাউনৰ শংকাত সকলোকে ক’ভিডৰ নীতি-নিয়ম মানি চলিবলৈ এইবাৰ আহ্বান জনাইছে সাধাৰণ লোকে । অতি সাধাৰণ এইসকল লোকে নিজেও পৰিধান কৰিছে মাস্ক, মানি চলিছে শাৰীৰিক দুৰত্ব ৷
দেশত এতিয়া আৰম্ভ হৈছে ক’ভিড ১৯ ৰ দ্বিতীয়টো ঢৌ ৷ এই ঢৌত পুনৰ বৃদ্ধি পাবলৈ ধৰিছে ক’ভিড ১৯ ত আক্ৰান্তৰ সংখ্যা । ক’ভিড-১৯ ৰ দ্বিতীয় ঢৌৱে দেশৰ অন্যান্য ৰাজ্যৰ লগতে অসমতো ক্ৰমাৎ ধাৰণ কৰিছে জটিল ৰূপ । যাৰ বাবে এতিয়া পুনৰ লক ডাউনৰ দুঃচিন্তাত ভূগিছে খাটি খোৱা সৰ্বসাধাৰণ লোকসকলে । পুৱাই নিজ নিজ কৰ্মস্থলীলৈ ওলাই নগ’লে সন্ধিয়াৰ ভাতমুঠি যোগাৰ কৰিব নোৱাৰা এইসকল লোকক এতিয়া এফালে কৰ'ণাৰ ভয়, আনফালে লক ডাউনৰ শংকাই অধিক চিন্তিত কৰি তুলিছে ।

লক ডাউনৰ শংকাতেই এতিয়া সকলোকে মাস্ক পৰিধানৰ লগতে ক’ভিডৰ নীতি-নিয়ম মানি চলিবলৈ সকলোকে আহ্বান জনাইছে এইসকল খাটিখোৱা সাধাৰণ লোকে । পদপথত সৰু দোকানেৰে পৰিয়াল পোহপাল দিয়া এইসকল লোকেও পৰিধান কৰিছে মাস্ক, চেষ্টা কৰিছে ক’ভিড নিয়ম মানি চলাৰ । ঠেলা চালকৰ পৰা ই ৰিক্সা চালকলৈ সকলোৱে মাস্ক পৰিধান কৰি আন সকলকো মাস্ক পৰিধান কৰাৰ লগতে শাৰীৰিক দুৰত্ব মানি চলিবলৈ আহ্বান জনাইছে । কাৰণ পৰিস্থিতি অধিক জটিল হ’লে যদিহে পুনৰ লক ডাউন দিবলগীয়া হয়, তেন্তে এইসকল লোকেই আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হ’ব ৷
লগতে পঢ়ক: প্ৰতিষেধক সন্দৰ্ভত চৰকাৰৰ নমনীয় ৰণনীতি: ৰাহুল গান্ধী