ETV Bharat / state

৯০ শতাংশ নম্বৰেৰে উত্তীৰ্ণ শিৱাণীৰ ঘৰত কান্দোনৰ ৰোল - হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ শিৱাণী

নিজে নৃত্য কৰি পঢ়াৰ খৰচ উলিওৱা নগাঁৱৰ জাজৰি মাজগাঁও নভেটি অঞ্চলৰ এগৰাকী মেধাৱী ছাত্ৰী শিবাণী বৰাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত 90 শতাংশ নম্বৰ লাভ কৰি সফলতাৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে ৷

shibani from nagaon secured 90 percent marks in hslc exam

author img

By

Published : Jun 6, 2020, 7:50 PM IST

Updated : Jun 7, 2020, 2:35 PM IST

নগাঁও, 6 জুনঃ কেমেৰাৰ সন্মুখতেই হুকহুকাই কান্দিছে পিতৃ মাতৃৰ লগতে এগৰাকী মেধাৱী ছাত্ৰীয়ে ৷ নিজে নৃত্য কৰি পঢ়াৰ খৰচৰ লগতে পৰিয়ালটোকো কিছু সকাহ দিছিল ছাত্ৰীগৰাকীয়ে ৷ সম্প্ৰতি সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰীগৰাকীৰ অভিভাৱক পৰিছে দুঃচিন্তাত ৷ কিয়নো নিজ সন্তানৰ আশা পূৰণৰ বাবে হয়তো সামৰ্থ নাই অভিভাৱকৰ ৷

৯০ শতাংশ নম্বৰেৰে উত্তীৰ্ণ শিৱাণীৰ ঘৰত কান্দোনৰ ৰোল

নগাঁৱৰ জাজৰি মাজগাঁও নভেটি অঞ্চলৰ এগৰাকী মেধাৱী ছাত্ৰী শিৱাণী বৰা ৷ শনিবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে শিৱাণী ৷ শিৱাণীৰ উত্তীৰ্ণৰ খবৰ পায়েই আৱেগিক হৈ পৰে পৰিয়ালৰ লোক ৷ কিয়নো মেধাৱী শিৱাণীক এখন আগশাৰীৰ শিক্ষানুষ্ঠানত নাম ভৰ্তি কৰিবলৈ সক্ষম নহয় তাইৰ পৰিয়ালটো ৷ তাইৰো সপোন ব্যক্তিগত খণ্ডৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠানত নাম ভৰ্তি কৰিবলৈ ৷ আৰ্থিকভাৱে দুৰ্বল হোৱাৰ বাবেই কোনো টিউচন নোহোৱাকৈয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা সফলতাৰে উত্তীৰ্ণ হ'ল শিৱাণী ৷

শিৱাণীৰ পিতৃ পেছাত এগৰাকী কাঠমিস্ত্ৰী ৷ লোকৰ ঘৰত কাঠমিস্ত্ৰীৰ কাম কৰি কোনোমতে পৰিয়ালটো পোহপাল দি আছে ৰামনাথ বৰাই ৷ নিজ কন্যাৰ শিক্ষা সামগ্ৰী কিনিবলৈ মাতৃয়েও দুপৰ নিশালৈকে লোকৰ কাপোৰ চিলাই যোগাৰ কৰিছিল সামান্য ধন ৷ বহু সময়ত মাতৃ আইমণি বৰাই চিলাই কামত জড়িত হৈ সহায় কৰি আহিছিল পৰিয়ালটোক ৷ কিন্তু পিতৃ-মাতৃৰ ওপৰতে সমস্ত বোজা জাপি নিদি শিৱাণীয়ে নিজেও বিহু নৃত্য কৰি নিজৰ পঢ়াৰ খৰচ যোগাৰ কৰাৰ লগতে পিতৃ মাতৃকো সহায় কৰি আহিছিল ৷ তাৰ মাজতেই পঢ়ি আজি তাই সক্ষম হৈছে জীৱনৰ এক অন্যমত কঠিন পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হ'বলৈ ৷

লগতে পঢ়কঃ আৰ্থিক দৈন্যতাক নেওচি মাজুলীত জিলিকিল ৰাহুল শীল

Last Updated : Jun 7, 2020, 2:35 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.