নগাঁও, 3 নৱেম্বৰ: মিঞা সংগ্ৰহালয়ক লৈ সৰ্বত্ৰে অব্যাহত বিতৰ্ক ৷ তোলপাৰ লাগিছে ৰাজ্যৰ ৰাজনৈতিক ক্ষেত্ৰখনত ৷ তাৰ মাজতে মিঞা সংগ্ৰহালয় বিচাৰি আবেদন জনাই বিতৰ্কৰ আবৰ্তত সোমাই পৰা বিধায়ক শ্বেৰমান আলীয়ে এইবাৰ প্ৰত্যাহ্বান জনালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৷
সোমবাৰে মধ্য অসম ভ্ৰমণৰ বাবে নগাঁৱলৈ অহা অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিং নগাঁৱত উপস্থিত হোৱাৰ সময়তে, নগাঁও ৰাজীৱ ভৱনত উপস্থিত হৈ হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনায় বিতৰ্কৰ আবৰ্তত থকা বিধায়ক গৰাকীয়ে ৷ শেহতীয়াকৈ মিঞা সংগ্ৰহালয় স্থাপনৰ দাবী উত্থাপন কৰা বিধায়ক শ্বেৰমান আলীক নিৰ্বাচনৰ পাচতেই গ্ৰেপ্তাৰ কৰা হ'ব বুলি মন্ত্ৰী হিমন্তই প্ৰদান কৰা হুংকাৰক উভতি ধৰিছে বিধায়ক গৰাকীয়ে ৷ নিৰ্বাচনৰ পাচত নহয়, যদি পাৰে এতিয়াই তেওঁক গ্ৰেপ্তাৰ কৰি দেখুৱাবলৈ সংবাদ মাধ্যমযোগে মন্ত্ৰী গৰাকীক প্ৰত্যাহ্বান জনালে শ্বেৰমান আালী আহমেদে ৷ আগন্তক নিৰ্বাচনত অসমত বিজেপিয়ে চৰকাৰ গঠন কৰিব নোৱাৰিবও পাৰে বুলি কটাক্ষ কৰি, এতিয়াই গ্ৰেপ্তাৰ কৰিবলৈ প্ৰত্যাহ্বান জনায় তেওঁ ৷