ETV Bharat / state

দেহ ব্যৱসায়ীৰ ঘাটিত নগাঁও আৰক্ষীৰ হাতোৰা - দেহ ব্যৱসায়ীৰ ঘাটি

নগাঁও আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (Additional Police Superintendent) ধ্ৰুৱ বৰাৰ নেতৃত্বত নগাঁও নগৰ শাখাৰ উপ পৰিদৰ্শক কুন্দন ৰবি দাস সহ আৰক্ষীৰ এটা দলে অভিযান চলাই আতাউৰ আৰু এজন যুৱকসহ তিনিগৰাকী মহিলাক হাতে-লোটে আটক কৰে ৷

দেহ ব্যৱসায়ীৰ ঘাটিত নগাঁও আৰক্ষীৰ অভিযান

author img

By

Published : Jul 5, 2021, 2:22 PM IST

নগাঁও, 5 জুলাই : ড্ৰাগছ (Drug) বিৰোধী অভিযানত এটাৰ পিছত এটা সফলতা লাভ কৰা নগাঁও আৰক্ষী (Nagaon Police)ৰ টাৰ্গেট এইবাৰ দেহ ব্যৱসায়ী (Prostitute Gang)ৰ ঘাটিত । দেওবাৰে নিশা নগাঁও আৰক্ষী (Nagaon Police)ৰ এটা দলে অভিযান চলালে শিয়ালমাৰীৰ এটা দেহ ব্যৱসায়ীৰ ঘাটিত । আৰক্ষীয়ে অভিযানৰ সময়ত দুই যুৱকৰ লগতে তিনিগৰাকী মহিলাক আটক কৰে ।

প্ৰাপ্ত তথ্য অনুসৰি, শিয়ালমাৰীৰ আতাউৰ ৰহমান নামৰ এজন যুৱকে নিজৰ ঘৰত দীৰ্ঘদিনৰ পৰাই চলাই আহিছিল দেহ ব্যৱসায় । আতাউৰৰ এই ঘাটি দেওবাৰে নিশা নগাঁও আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (Additional Police Superintendent) ধ্ৰুৱ বৰাৰ নেতৃত্বত নগাঁও নগৰ শাখাৰ উপ পৰিদৰ্শক কুন্দন ৰবি দাসসহ আৰক্ষীৰ এটা দলে অভিযান চলাই আতাউৰ আৰু এজন যুৱকসহ তিনিগৰাকী মহিলাক হাতে-লোটে আটক কৰে ৷ অসামজিক কাৰ্যৰ ঘাটি পাতি অঞ্চলটোৰ সামাজিক পৰিৱেশ বিনষ্ট কৰি অহা আতাউৰ ৰহমান নামৰ লোকজনে কেইদিনমান পূৰ্বে জেল হাজোতৰ পৰা মুকলি হৈ আহিছিল ৷

দেহ ব্যৱসায়ীৰ ঘাটিত নগাঁও আৰক্ষীৰ অভিযান

কিন্তু হাজোতৰ পৰা মুকলি হৈ আতাউৰে পুনৰ আৰম্ভ কৰিছিল দেহ ব্যৱসায় ।

উল্লেখ্য যে, নগাঁও চহৰৰ বিভিন্ন প্ৰান্তত এতিয়াও দেহ ব্যৱসায় চলি থকাৰ অভিযোগ দীৰ্ঘদিনীয়া । বৰ্তমান অসম আৰক্ষী (Assam Police) য়ে ৰাজ্যজুৰি চলি থকা বিভিন্ন অপৰাধমূলক কাৰ্য-কলাপৰ বিৰুদ্ধে সৰৱ ভূমিকা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ৷ কিন্তু আৰক্ষীৰ সক্ৰিয় ভূমিকাৰ পাছতো বিভিন্ন অঞ্চলত গোপনে অবৈধ কাৰ্য-কলাপ চলি থকা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক : কলিয়াবৰত বৃহৎ পৰিমাণৰ সুৰা জব্দ: আটক এজন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.