নগাঁও, 25 মে’ : ৰাতি হঠাৎ এটা ফোন আহিল ৷ ফোনটো পায়েই ঘৰৰ পৰা দৌৰি ওলাই গ’ল চেন্টু ৷ ফোনটো আছিল বন্ধু এজনৰ ৷ সেয়ে বৰ বিশেষ ভবা-চিন্তা নকৰিলে চেন্টুৱে ৷ ৰাতি ঘৰৰ পৰা ওলাই গ’ল ঠিকেই, ৰাতিপুৱালৈহে লাগিল হুৱা-দুৱা ৷ কাৰণ ৰাতিপুৱালৈকে ঘৰলৈ ঘূৰি নাহিল চেন্টু ৷
ঘটনাৰ বিৱৰণি অনুসৰি, দেওবাৰে নিশা প্ৰায় 11 বজাত বন্ধুক সহায় কৰিবলৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল চেন্টু ৷ 24 ঘন্টা পাৰ হৈ যোৱাৰ পাচতো চেন্টু পাঠকৰ কোনো খা-খবৰ নাপায় চেন্টুৰ পৰিয়ালৰ লোকে কাষ চাপে আৰক্ষীৰ ৷ দেওবাৰে নিশাৰ পৰাই নিৰুদ্দেশ হৈ থকা চেন্টুৰ সন্দৰ্ভত নগাঁৱৰ হয়বৰগাঁও আৰক্ষী চকীত দাখিল কৰে এজাহাৰ ৷
কিন্তু অতি ৰহস্যজনকভাৱে মঙলবাৰে নিশা নগাঁও চহৰৰ মাজ-মজিয়াৰ নেহেৰুৱালীত ক্ষত-বিক্ষত উদ্ধাৰ হয় চেন্টু পাঠকৰ মৃতদেহ (Sensational murder in Nagaon) ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে চেন্টুৰ মৃতদেহ ৷ তাৰ পাচতে নগাঁৱৰ ভোগেশ্বৰী ফুকননি অসামৰিক চিকিৎসালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয় চেন্টুৰ মৃতদেহ ।
এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত বিৰাজ কৰিছে তীব্ৰ চাঞ্চল্যই ৷ ইফালে স্থানীয় একাংশ তথা আত্মীয়ৰ সন্দেহ তেওঁৰে কোনো বন্ধুৱে চেন্টুক হত্যা কৰিছে ৷ অৱশ্যে আৰক্ষীৰ তদন্তৰ অন্ততহে পোহৰলৈ আহিব চেন্টু পাঠকৰ মৃত্যুৰ সমগ্ৰ তথ্য ৷
লগতে পঢ়ক : মহানগৰীৰ হাতীগাঁৱত চাঞ্চল্যকৰ হত্যাকাণ্ড: আৰক্ষীৰ তদন্ত আৰম্ভ