ETV Bharat / state

কলিয়াবৰত বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ আধাৰশিলা স্থাপনৰ প্ৰস্তুতি - Science Centre and Planetarium

আধাৰশিলা স্থাপন অনুষ্ঠানত অসম বিজ্ঞান সমিতিৰ কলিয়াবৰ শাখা আৰু আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰই ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিজ্ঞান প্ৰদৰ্শনী তথা প্ৰতিযোগিতা, চিত্ৰাঙ্কন প্ৰতিযোগিতা, ভ্ৰাম্যমান তাৰকাগৃহ প্ৰদৰ্শন লগতে আঞ্চলিক বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰাও এক বিজ্ঞান প্ৰদৰ্শনী প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছে ।

Science Centre and Planetarium Foundation Stone Will Be Laid Down Tomorrow at Kaliabor
কলিয়াবৰত বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ আধাৰশিলা স্থাপন কৰিব কেশৱ মহন্তই
author img

By

Published : Jan 16, 2021, 1:54 PM IST

কলিয়াবৰ, 16 জানুৱাৰী : কলিয়াবৰত নিৰ্মাণ হ’ব বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহ ৷ কলিয়াবৰৰ হাটবৰত 17 জানুৱাৰীত বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব ৰাজ্যৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই ৷ প্ৰায় বিশ কোটি টকা ব্যয় সাপেক্ষ নিৰ্মাণ কৰা হ’ব অত্যাধুনিক বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহটো ৷ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই শনিবাৰে উল্লেখ কৰে এই কথা ৷ মন্ত্ৰীগৰাকীয়ে এই তাৰকাগৃহটো গুৱাহাটীতকৈ উন্নত মানৰ হ'ব বুলি জানিবলৈ দিয়ে ।

কলিয়াবৰত বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ আধাৰশিলা স্থাপন কৰিব কেশৱ মহন্তই

উল্লেখ্য যে, ৰাজ্যৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগে বিজ্ঞান আৰু তথ্য প্ৰযুক্তিৰ জৰিয়তে বিজ্ঞান মনস্কতাক সৰ্বসাধাৰণৰ মাজত জনপ্ৰিয় কৰাৰ বাবে বিভিন্ন পৰিকল্পনা, কাৰ্যসূচী হাতত লোৱা পৰিলক্ষিত হৈছে । এই উদ্দেশ্যৰে হাটবৰৰ কলিয়াবৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ সমীপৰ শ্ৰৱণী সত্ৰত শিল্পী দিৱসৰ দিনাই বিজ্ঞান প্ৰকল্পটোৰ আধাৰশিলা স্থাপন কৰা হ’ব । কলিয়াবৰৰ বিজ্ঞান শিক্ষাৰ বাবে এক অতি গুৰুত্বপূৰ্ণ এই দিনটোক অধিক আকৰ্ষণীয় কৰি তুলিবলৈ বিজ্ঞান অনুৰাগী অনুষ্ঠান-ব্যক্তিয়ে স্থানীয় বিদ্যালয়ৰ সহযোগত বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে । অসম বিজ্ঞান সমিতিৰ কলিয়াবৰ শাখা আৰু আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰই ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিজ্ঞান প্ৰদৰ্শনী তথা প্ৰতিযোগিতা, চিত্ৰাঙ্কন প্ৰতিযোগিতা, ভ্ৰাম্যমান তাৰকাগৃহ প্ৰদৰ্শন লগতে আঞ্চলিক বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰাও এক বিজ্ঞান প্ৰদৰ্শনী প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছে ।

Science Centre and Planetarium Foundation Stone Will Be Laid Down Tomorrow at Kaliabor
কলিয়াবৰত দেওবাৰে বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ আধাৰশিলা স্থাপন কৰিব কেশৱ মহন্তই

লগতে পঢ়ক : মুখ্যমন্ত্ৰীৰ সভাত অখিল গগৈ জিন্দাবাদ ধ্বনি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.