ETV Bharat / state

Scam in PMAY in Assam: ঘৰ বিচাৰি সংবাদ মাধ্যমৰ আগত ৰাউচি জুৰি কান্দিলে হিতাধিকাৰীয়ে - ঘৰ বিচাৰি সংবাদ মাধ্যমৰ আগত ৰাউচি জুৰি

পুনৰ বিতৰ্কত বটদ্ৰৱা উন্নয়ন খণ্ডৰ পঞ্চায়ত কৰ্মী । কিছুদিন পূৰ্বে PMAY গৃহ আৱন্টনৰ নামত চুমা বিতৰ্কত সাঙোৰ খোৱা পঞ্চায়ত কৰ্মীৰ বিৰুদ্ধে PMAY ৰ গৃহ আৱন্টনৰ নামত দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ (Scam in PMAY in Assam) । প্ৰকৃত হিতাধিকাৰীক বঞ্চিত হোৱাৰ অভিযোগ ।

Etv Bharat
Etv Bharat
author img

By

Published : Feb 20, 2023, 2:01 PM IST

বিতৰ্কত বটদ্ৰৱা উন্নয়ন খণ্ডৰ পঞ্চায়ত কৰ্মী

নগাওঁ, 20 ফেব্ৰুৱাৰী : ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰখনে ৰাজ্য তথা দেশত দুৰ্নীতি ৰোধ কৰিবলৈ সক্ষম হোৱা বুলি দাবী কৰি থাকে যদিও সময়ে সময়ে সংবাদ মাদ্যমৰ যোগেদি পোহৰলৈ আহিছে দেশ তথা ৰাজ্যৰ বিয়াগোম কেলেংকাৰীৰ তথ্য ৷ ৰাজ্যত প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিৰ অধীনত গৃহ আৱন্টনৰ নামত সংঘটিত হৈছে বিয়াগোম দুৰ্নীতি ৷ এই আঁচনিৰ ঘৰ কেৱল দুখীয়াৰ বাবেহে বুলি চৰকাৰী বিজ্ঞাপন বোৰত দেখিবলৈ পোৱা যায় যদিও সস্পূৰ্ণ এখন বিপৰীত চিত্ৰ সম্প্ৰতি পোহৰলৈ অহা পৰিলক্ষিত হৈছে (Poor implimantation of PMAY G in Assam) ৷

বটদ্ৰৱা উন্নয়ন খণ্ডৰ চহৰীয়া গাওঁ পঞ্চায়তত প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ গৃহ আৱন্টনৰ নামত পুনৰ সৃষ্টি হৈছে বেমেজালিৰ ৷ সৌ সিদিনা চুমা বিতৰ্কৰ মাৰ নৌযাওঁতেই এইবাৰ সমষ্টিটোৰ কেলেংকাৰীৰ বাতৰিয়ে দখল কৰিছে সংবাদ মাধ্যমৰ শিৰোনাম ৷ ধন দিলেহে সমষ্টিটোৰ দৰিদ্ৰসকলে লাভ কৰে আৱাস যোজনাৰ গৃহ (Pradhan Mantri Awas Yojana Gramin) ৷

ধনৰ লালসাত ধনী লোকক চৰকাৰী PMAY গৃহ প্ৰদানৰ গুৰুতৰ অভিযোগ বঞ্চিত হিতাধিকাৰীয়ে উত্থাপন কৰিছে পঞ্চায়ত কৰ্মী, পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে । এই অভিযোগ উত্থাপন কৰিছে পঞ্চায়তখনৰ একাংশ ভুক্তভোগী মহিলাই । কেমেৰাৰ সন্মুখত কান্দি কান্দি বঞ্চিত হিতাধিকাৰীয়ে উল্লেখ কৰিছে চৰকাৰী বিষয়া জনপ্ৰতিনিধি আৰু এচাম দালালৰ কথা । আনকি ধনৰ বিনিময়ত চৰকাৰী চাকৰি থকা লোকে গৃহ লাভ কৰাৰ লগতে এখন ঘৰতে দুই তিনিটাকৈ ঘৰ লাভ কৰা বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে হিতাধিকাৰীয়ে ।

তদুপৰি, পঞ্চায়ত সভানেত্ৰী গৰাকীয়ে দৰিদ্ৰক গৃহ দিয়াৰ পৰিৱৰ্তে নিজেই নিজৰ নামত প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ গৃহ আৱণ্টন কৰা বুলি অভিযোগ তোলা পৰিলক্ষিত হৈছে ৷ উল্লেখ্য যে, আচঁনিখনৰ নামত দুৰ্নীতি সংঘটিত কৰা পঞ্চায়ত কৰ্মী, বিষয়াক জেলত ভৰোৱাৰ হুংকাৰ প্ৰদান কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । কিন্তু মুখ্যমন্ত্ৰীৰ হুংকাৰকো কেৰেপ নকৰি হেলাৰঙে একাংশ দুৰ্নীতিগ্ৰস্ত পঞ্চায়ত কৰ্মীয়ে দুৰ্নীতি কৰা দেখিবলৈ পোৱা গৈছে (Scam in PMAY in Assam)।

তাৎপৰ্যপূৰ্ণভাৱে, দুৰ্নীতিৰ ক্ষেত্ৰত শূণ্য সহনশীল বুলি দাবী কৰি অহা ৰাজ্য চৰকাৰখনে এইসকল দুৰ্নীতিগ্ৰস্থ বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া অনাগত সময়ত হ’ব লক্ষণীয় বিষয় ৷

লগতে পঢ়ক : Felicitated to Dr Kailash Sharma: সূদীৰ্ঘ ৫১ বছৰে বিনামূলীয়া চিকিৎসা আগবঢ়োৱা ডাঃ কৈলাশ শৰ্মাক সম্বৰ্দ্ধনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.