ETV Bharat / state

ৰহাত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাত অথন্তৰঃ দুৰ্বৃত্তই ভাঙিলে সভাৰ আদৰণি তোৰণ - অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ

আৰক্ষীয়ে দুৰ্বৃত্তক আটক নকৰিলে অধিৱেশনস্থলীৰ পৰাই সমদল কৰি 5 শতাধিক লোকে ৰহা আৰক্ষী থানা ঘেৰাও কৰিব বুলি হুংকাৰ দিয়ে অনুসূচিত জাতি উন্নয়ন পৰিষদৰ সভাপতি ৰুবুল দাসে ৷

ৰহাত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাঃ
author img

By

Published : Mar 30, 2019, 7:11 PM IST

ৰহা,30 মাৰ্চঃঅনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাংগঠনিক অভিৱৰ্তনৰ আদৰণি তোৰণ ভাঙি চাৰখাৰ দুৰ্বৃত্তৰ ৷ সততে বিজেপি আৰু ৰহাৰ বিধায়ক ডিম্বেশ্বৰ দাসৰ বিৰুদ্ধে সৰৱ হৈ থকাৰ বাবেই এনে ঘটনা সংঘটিত হোৱাৰ সন্দেহ সন্থাটোৰ ৷ সেয়েহে আৰক্ষীয়ে দুৰ্বৃত্তক আটক নকৰিলে অধিৱেশনস্থলীৰ পৰাই সমদল কৰি 5 শতাধিক লোকে ৰহা আৰক্ষী থানা ঘেৰাও কৰিব বুলি হুংকাৰ দিয়ে অনুসূচিত জাতি উন্নয়ন পৰিষদৰ সভাপতি ৰুবুল দাসে ৷

ৰহাত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভা

উল্লেখ্য যে,আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাংগঠনিক অভিৱৰ্তন ৷ প্ৰতিনিধি পঞ্জীয়নৰে আৰম্ভ হোৱা অনুষ্ঠানটোত প্ৰতিনিধি শিবিৰ মুকলি কৰে ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ কমল চন্দ্ৰ শৰ্মাই ৷ তাৰপাচতেই অনুষ্ঠানটোত প্ৰথম সাংগঠনিক সমাৰোহ উদ্ধোধন কৰে বিশিষ্ট সাংবাদিক কনক হাজৰিকাই ৷

Intro:কেন্দ্ৰীয় সাংগঠনিক অভিৱৰ্তন(অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ)

সততে বিজেপি আৰু ৰহাৰ বিধায়ক ডিম্বেশ্বৰ দাসৰ বিৰুদ্ধে সৰৱ হৈ থকাৰ বাবেই অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাংগঠনিক অভিৱৰ্তনৰ আদৰণি তোৰণ ভাঙিছে অচিনাক্ত দূৰ্বৃত্্ত্ত্তই৷আৰক্ষীয়ে ৫বজাৰ ভিতৰত দুৰ্বৃত্তক আটক নকৰিলে অধিবেশনস্থলীৰ পৰা প্ৰায় ৫শতাধিকেে সমদল কৰি ৰহা আৰক্ষী থানা ঘেৰাও কৰিব৷ এই অভিযোগ তথা হুংকাৰ অনুসূচিত জাতি উন্নয়ন পৰিষদৰ সভাপতি ৰুবুল দাসৰ৷

Body:উল্লেখ্য অসমৰ শোষিত-নিস্প্ৰেষিত জনতাৰ সৰ্বতোপ্ৰকাৰৰ উন্নয়ন আৰু কল্যাণৰ বাবে বিগত সময়ছোৱাত গণতান্ত্ৰিক আৰু অৰাজনৈতিকভাৱে বলিষ্ঠ কন্ঠ আৰু শক্তিশালী কৰ্মসূচীৰে ৰাজ্যবাপী ভূমিকা গ্ৰহণ কৰি অহা অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ,অসমৰ কেন্দ্ৰীয় সাংগঠনিক অভিৱৰ্তণ শনিবাৰৰ পৰা দুদিনীয়াকৈ বিস্তৃত কাৰ্যসূচীৰে আৰম্ভ হৈছে ৷নগাঁও জিলা সমিতিৰ সহযোগত ৰহাৰ পছলাবড়িৰ সতী ৰাধিকা আই ক্ষেত্ৰত অনুষ্ঠিত হোৱা অভিৱৰ্তনখনিৰ প্ৰতিনিধি পঞ্জীয়নৰে আৰম্ভ হয় ৷ প্ৰতিনিধি পঞ্জীয়নৰ পাচতে প্ৰতিনিধি শিবিৰ মুকলি কৰে ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ কমল চন্দ্ৰ শৰ্মাই ৷ দুপৰীয়া অনুষ্ঠিত হয় প্ৰথম সাংগঠনিক সমাৰোহ ৷ সমাৰোহখনি উদ্ধোধন কৰে বিশিষ্ট সাংবাদিক কনক হাজৰিকাই ৷ নিশালৈ অনুষ্ঠিত হ’ব দ্বিতীয় সাংগঠনিক সমাৰোহ ৷

ৰহাৰ পৰা
দিব্য জে বৰঠাকুৰ Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.