চামগুৰি,4 নৱেম্বৰঃ বুধবাৰে নগাঁৱৰ চামগুৰিত দিন-দুপৰতে লোমহৰ্ষক ডকাইতী কাণ্ডক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। বাইকেৰে অহা চাৰিজনীয়া ডকাইতৰ দলে ৰাজপথতে লুটিলে আঢ়ৈ লক্ষাধিক টকা ভৰ্তি এটা বেগ।
উল্লেখযোগ্য যে, গ্ৰাহকে পৰিশোধ কৰা বিদ্যুতৰ বিলৰ ধন লৈ বেংকত জমা দিবলৈ গৈছিল APDCLৰ দুই কৰ্মচাৰী। সেই সময়তে ধন জমা দিবলৈ যোৱা গৃহৰক্ষীৰ মুৰত পিষ্টল থৈ টকাৰ বেগটো নিদিলে প্ৰাণে মৰাৰ ভাবুকি দি ডকাইতৰ দলটোৱে টকাৰ বেগটো লৈ পলায়ন কৰে।
আনহাতে সমগ্ৰ ঘটনাটো আৱদ্ধ হৈ ৰয় CCTV কেমেৰাত ৷ বাইক সহ ডকাইতৰ দলটোৰ সমগ্ৰ কাৰ্যৱলী আৱদ্ধ হয় CCTV কেমেৰাত ৷ ইপিনেদি বিদ্যুৎ বিভাগৰ বিষয়া-কৰ্মীচাৰীৰ অসাৱধানতাক কেন্দ্ৰ কৰি অসন্তুষ্ট একাংশ। সম্প্ৰতি ঘটনাস্থলীত চামগুৰি আৰক্ষী উপস্থিত হৈ প্ৰাৰম্ভিক অনুসন্ধান অব্যাহত ৰাখিছে ৷
লগতে পঢ়কঃ বিদ্যালয় বন্ধৰ নিৰ্দেশক লৈ মাজুলীত শিক্ষাৰ্থীৰ হাহাকাৰ