চামগুৰি, ২৪ মে': ৰাজ্য চৰকাৰৰ নিৰ্দেশনা অনুসৰি, শুকুৰবাৰৰ পৰা অসমত আন্তঃজিলা যাতায়ত ১৫ দিনৰ বাবে বন্ধ হৈছে । ইখন জিলাৰ পৰা সিখন জিলালৈ যাতায়ত কৰিব পৰা নাই কোনো লোকৰ লগতে ৰপ্তানি কৰিবলৈ সক্ষম হোৱা কোনো সামগ্ৰী । কিন্তু এই লৈ এতিয়া বিপদত পৰিছে কৃষকসকল ।
চামগুৰিৰ এৰাকলং মাজুলীৰ কৃষকসকলৰ মাজতো বিৰাজ কৰিজে ঘোৰ অনিশ্চয়তা ৷ কৃষি প্ৰধান অঞ্চলটোত উৎপাদিত কেঁচা সামগ্ৰী তথা ফচল সততে ৰাজ্যৰ উজনিৰ পৰা নামনিলৈ বিক্ৰী কৰি আহিছে ।
কিন্তু বিগত সমপ্তাহৰ শুকুৰবাৰৰ পৰা আন্তঃজিলা যাতায়ত বন্ধ হোৱাৰ পিছত কেনেদৰে উৎপাদিত সামগ্ৰীসমূহ বিভিন্ন প্ৰান্তলৈ যোগান ধৰিব তাক লৈ এতিয়া হতাশাত ভুগিছে কৃষক ৰাইজ । শীঘ্ৰে এক ব্যৱস্থা গ্ৰহণ কৰি কেঁচা ফচলসমূহ বিক্ৰী কৰাৰ ক্ষেত্ৰত সুবিধা কৰি দিবৰ বাবে চৰকাৰক আহ্বান জনাইছে এৰাকলং মাজুলীৰ যুৱ কৃষকসকলে ।
লগতে পঢ়ক: চেঙাজানত ব্ৰহ্মপুত্ৰৰ খহনীয়া পৰিদৰ্শন এমএচিৰ প্ৰতিনিধি দলৰ