ETV Bharat / state

3 ইঞ্চি কাগজেৰে শৰাই নিৰ্মাণ কৰি অভিলেখ গঢ়া এগৰাকী যুৱ শিল্পী

চামগুৰিৰ এগৰাকী যুৱ শিল্পীৰ অভিলেখ ৷ তিনি ইঞ্চি উচ্চতাৰ কাগজেৰে এখন শৰাই সাজি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ (India Book Of Records)ত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে যুৱ শিল্পীগৰাকীয়ে ৷ সৰুৰে পৰাই হস্তকলা শিল্পত আগ্ৰহী অবিনাশ ভূঞাই শিল্প সাধনাৰ কোনো আনুষ্ঠানিক শিক্ষালাভ কৰা নাই ৷

samaguri boy make xorai by 3 inch paper
কাগজেৰে শৰাই নিৰ্মাণ কৰি অভিলেখ গঢ়া এগৰাকী যুৱ শিল্পী
author img

By

Published : Jul 13, 2021, 2:23 PM IST

চামগুৰি, 13 জুলাই : ৰাষ্ট্ৰীয় পৰ্যায়ৰ অভিলেখ গঢ়িছে চামগুৰিৰ এগৰাকী যুৱ শিল্পীয়ে ৷ ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ (India Book Of Records)ত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে অবিনাশ ভূঞা নামৰ যুৱ শিল্পী গৰাকীয়ে ৷ মাত্ৰ তিনি ইঞ্চি উচ্চতাৰ কাগজেৰে এখন শৰাই সাজি এই অভিলেখ গঢ়ি তুলিছে পানীগাঁও কলিতাচুকৰ নিৱাসী প্ৰশান্ত ভূঞা আৰু মুন ভূঞাৰ একমাত্ৰ সন্তান অবিনাশে ৷ ক’ভিড (Covid)ৰ ভয়াৱহ পৰিস্থিতিৰ মাজতে হস্তকলা সাধনাৰে এই কৃতিত্ব অৰ্জন কৰিছে যুৱ শিল্পীগৰাকীয়ে ৷

কাগজেৰে শৰাই নিৰ্মাণ কৰি অভিলেখ গঢ়া এগৰাকী যুৱ শিল্পী

যুৱ শিল্পীগৰাকীয়ে শৰাই নিৰ্মাণেৰে বৃহত্তৰ পুৰণিগুদাম অঞ্চললৈ কঢ়িয়াই আনিছে গৌৰৱ ৷ তেওঁৰ এই সফলতাত উৎফুল্লিত হৈ পৰিছে স্থানীয় ৰাইজ ৷ বৰ্তমান নগাঁও মহাবিদ্যালয়ত (Nagaon College) উচ্চতৰ মাধ্যমিক শাখাত অধ্যয়নৰত অবিনাশে পুৰণিগুদাম বিদ্যা নিকেতনত অধ্যয়ন কৰি থকা কালৰ পৰা হস্তকলাৰ প্ৰতি আগ্ৰহী আছিল । কোনো শিল্প সাধনাৰ আনুষ্ঠানিক শিক্ষা নোলোৱাকৈয়ে হস্তকলা নিৰ্মাণত ব্ৰতী আছে অবিনাশ ৷

2017 বৰ্ষৰ পৰাই পুৰণিগুদাম বিদ্যা নিকেতনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে শ্ৰেণীৰ পাঠদানৰ সময়ত দিয়া চিত্ৰ-কলা শিক্ষাৰ জৰিয়তে অনুপ্ৰাণিত হৈ নিজৰ নাম উজ্বলাবলৈ সক্ষম হয় অবিনাশে ৷ লগতে ভৱিষ্যতেও এই ক্ষেত্ৰখনত কৰিবলগীয়া বহুখিনি কাম বাকী থকা বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে যুৱকজনে ৷

লগতে পঢ়ক : ETV bharat ৰ বাতৰিৰ প্ৰভাৱ: বিতৰ্কিত ঠিকাদাৰৰ বিৰুদ্ধে সৰৱ মাজুলী প্ৰশাসন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.