ETV Bharat / state

বাঢ়নীপানী চাবলৈ গৈ সন্ধানহীন কিশোৰ - ৰূপহীহাটৰ জুৰীয়াত বাঢ়নীপানী

পলকতে পানীৰ সোঁতত উটি যোৱা কিশোৰৰ সন্ধান আৰম্ভ কৰি আৰক্ষী বন বিভাগৰ অভিযান,অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি ৷

rupohihat  Missing a boy flood laukhua wildlife santuray
বাঢ়নীপানী চাবলৈ গৈ সন্ধানহীন কিশোৰ
author img

By

Published : Jun 27, 2020, 9:56 PM IST

ৰূপহীহাট,27জুনঃ ৰূপহীহাটৰ জুৰীয়াত বাঢ়নীপানী চাবলৈ গৈ এটি কিশোৰ সন্ধানহীন হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলতোত। সন্ধানহীন কিশোৰটি জুৰীয়া কছাৰীগাঁৱৰ জাকাৰীয়া হক বুলি জানিব পৰা গৈছে ৷ জানিব পৰা মতে, লাওখোৱা অভয়াৰণ্যৰ কঠালগুটীৰ সমীপৰ মথাউৰিৰ পৰা বানপানী চাই থকা অৱস্থাত পানীত পিছলি পৰে কিশোৰটি ৷

বাঢ়নীপানী চাবলৈ গৈ সন্ধানহীন কিশোৰ

ইপিনে পলকতে পানীত তীব্ৰ সোঁতে উঠুৱাই লৈ যায় কিশোৰটিক ৷ লগে লগে স্থানীয় ৰাইজৰ মাজত এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়। ইতিমধ্যে ঘটনাস্থলীত জুৰীয়া আৰক্ষী আৰু বন বিভাগৰ লোক উপস্থিত হৈ যন্ত্ৰ চালিত নাৱেৰে সন্ধান আৰম্ভ কৰিছে যদিও বৰ্তমান পৰ্যন্ত কিশোৰটিৰ কোনো শুংসুত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই বুলি জানিব পৰা গৈছে।
লগতে পঢ়কঃ সাপ্তাহিক লক ডাউনৰ সিদ্ধান্তক আদৰণি ধেমাজিবাসীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.