ETV Bharat / state

প্ৰবীণ কৌতুক অভিনেতা ৰামেশ্বৰ হাজৰিকালৈ 'ৰূপান্তৰ শিল্পী' বঁটা - যুৱ লেখিকা শৰ্মিষ্ঠা প্ৰীতম

শনিবাৰে নগাঁৱত অনুষ্ঠিত হ'ল 'ৰূপান্তৰ বঁটা প্ৰদান আৰু বক্তৃতা অনুষ্ঠান' । 'ৰূপান্তৰ শিল্পী বঁটা'ৰে সন্মানিত কৰা হয় প্ৰবীণ কৌতুক অভিনেতা ৰামেশ্বৰ হাজৰিকাক । যুৱ লেখিকা শৰ্মিষ্ঠা প্ৰীতমলৈ আগবঢ়োৱা হয় 'প্ৰয়াত কোকিল চক্ৰৱৰ্তী অনুপ্ৰেৰণা বঁটা' ।

প্ৰবীণ কৌতুক অভিনেতা ৰামেশ্বৰ হাজৰিকালৈ 'ৰূপান্তৰ শিল্পী' বঁটা

author img

By

Published : Jan 23, 2021, 7:11 PM IST

নগাঁও, ২৩ জানুৱাৰী: 'ৰূপান্তৰ সমাজ সাহিত্য সাংস্কৃতিক মঞ্চ'ই প্ৰবীণ কৌতুক অভিনেতা ৰামেশ্বৰ হাজৰিকালৈ আগবঢ়ালে 'ৰূপান্তৰ শিল্পী বঁটা' । শনিবাৰে নগাঁৱৰ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা 'ৰূপান্তৰ বঁটা প্ৰদান আৰু বক্তৃতা অনুষ্ঠান'ত অভিনেতাগৰাকীক এই বঁটাৰে সন্মানিত কৰা হয় । নগাঁৱৰ জলাহ গাঁৱত ২০১১ চনতে প্ৰতিষ্ঠা লাভ কৰা 'ৰূপান্তৰে' অসমৰ নাট্য, সাহিত্য, সমাজ জীৱনলৈ সেৱা আগবঢ়াই অহা একোজনকৈ বিশেষ ব্যক্তিক ৰূপান্তৰ বঁটা প্ৰদান কৰি আহিছে ।

প্ৰবীণ কৌতুক অভিনেতা ৰামেশ্বৰ হাজৰিকালৈ 'ৰূপান্তৰ শিল্পী' বঁটা
প্ৰবীণ কৌতুক অভিনেতা ৰামেশ্বৰ হাজৰিকালৈ 'ৰূপান্তৰ শিল্পী' বঁটা

এইবাৰ যুৱ লেখিকা শৰ্মিষ্ঠা প্ৰীতমক প্ৰদান কৰা হৈছে 'প্ৰয়াত কোকিল চক্ৰৱৰ্তী অনুপ্ৰেৰণা বঁটা' । 'ৰূপান্তৰ সমাজ হিতৈষী বঁটা' প্ৰদান কৰা হয় বিশিষ্ট সমাজকৰ্মী দেবেন্দ্ৰ সিং শ্বেহমীক । 'সাহিত্য বঁটা' লাভ কৰে লেখক কেশৱ বৰাই । ৰূপান্তৰ বঁটাসমূহত আছে প্ৰশস্তি পত্ৰ, স্মাৰক, চেলেং আৰু গামোছা । 'ৰূপান্তৰ শিল্পী বঁটা' গ্ৰহণ কৰি ৰামেশ্বৰ হাজৰিকাই নাট্যজীৱনৰ বহু অভিজ্ঞতাৰ বিষয়ে ব্যক্ত কৰে । আনহাতে, নতুন প্ৰজন্মক সাহিত্যৰ প্ৰতি আকৰ্ষিত কৰিবলৈ 'বক্তৃতা শুনক আৰু লাভ কৰক পুৰস্কাৰ' শীৰ্ষক এক ব্যতিক্ৰমী প্ৰচেষ্টাও হাতত লয় ৰূপান্তৰে ।

অনুষ্ঠানটিত নগাঁৱৰ এডিপি কলেজ, খাগৰিজান কলেজ আৰু নগাঁও মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশ লয় । নগাঁৱৰ বহুকেইগৰাকী বৰেণ্য ব্যক্তি, সাংবাদিকৰ উপস্থিতিত অতি গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানটিত শিল্পী গভীৰ নাথে গীত পৰিৱেশন কৰাৰ লগতে ৰূপান্তৰৰ দুই কণমানি শিল্পীয়ে নৃত্য পৰিৱেশন কৰে । ৰূপান্তৰৰ সভাপতি শেৱালী চক্ৰৱৰ্তীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা অনুষ্ঠানত শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ মৃণাল কুমাৰ বৰা, বিশিষ্ট সাংবাদিক ড০ আবু হানিফা, যুৱ নাট্যকৰ্মী তথা ৰূপান্তৰৰ প্ৰধান সম্পাদক গৌৰাংগ বৰাসহ বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক:নলবাৰীত জাৰি ১৪৪ ধাৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.