ETV Bharat / state

অসম চৰকাৰৰ ধনেৰে ৰেডিশ্বন ব্লুত আছে মহাৰাষ্ট্ৰৰ বিধায়কৰ দল

author img

By

Published : Jun 25, 2022, 3:23 PM IST

গুৱাহাটীত বাহৰ পাতি থকা মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কসকলক তীব্ৰ সমালোচনা ৰকিবুল হুছেইনৰ (Rockybul Hussain criticizes rebel MLAs in Maharashtra)। চৰকাৰ চলাব বিচৰাসকল ভয়তে মহাৰাষ্ট্ৰ এৰি পলায়ন কৰিছে অসমলৈ । এইসকল বিধায়কক অতি শীঘ্ৰে হোটেল ৰেডিশ্বন ব্লু ত্যাগ কৰিবলৈ আহ্বান ৰকিবুলৰ ।

Rockeybul
অসম চৰকাৰৰ ধনেৰে ৰেডিশ্বন ব্লুত আছে মহাৰাষ্ট্ৰৰ বিধায়কৰ দল

নগাঁও,২৫ জুন : মহাৰাষ্ট্ৰৰ ৰাজনৈতিক পৰিস্থিতিয়ে সমগ্ৰ দেশতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে (Maharashtra political crisis)। বিশেষকৈ অসমত এই বিষয়ক লৈ অধিক বিতৰ্কৰ সৃষ্টি হৈছে । কিয়নো গুৱাহাটীত বাহৰ পাতি আছে মহাৰাষ্ট্ৰৰ বিসম্বাদী নেতাসকলে (Rebel Shiv Sena MLAs at Guwahati)। ইফালে বিসম্বাদী নেতাসকলক অসমৰ বিজেপি চৰকাৰ তথা মুখ্যমন্ত্ৰী আৰু বাকী বিজেপি নেতাসকলে সমৰ্থন জনোৱাৰো অভিযোগ উত্থাপন হৈছে । যাৰ বাবে বিধায়কসকলে বাহৰ পাতি থকা ৰেডিশ্বন ব্লুৰ সন্মুখত বিভিন্ন দলে প্ৰতিবাদো সাব্যস্ত কৰিছে ।

এইবাৰ সমগ্ৰ বিষয়টোক লৈ মুখ খুলিলে কংগ্ৰেছ নেতা তথা বিৰোধী দলৰ উপ-দলপতি ৰকিবুল হুছেইনে । তেওঁৰ মতে চৰকাৰ চলাব বিচৰা বিধায়কৰ দলটোৱে ভয়তে মহাৰাষ্ট্ৰ এৰি অসমলৈ পলায়ন কৰিছে । মহাৰাষ্ট্ৰত থাকিবলৈ সাহস কৰিব নোৱাৰা বিধায়কৰ দলটোৱে কেনেদৰে চৰকাৰ চলাব বুলিও প্ৰশ্ন কৰে ৰকিবুল হুছেইনে (Rockybul Hussain criticizes rebel MLAs in Maharashtra)।

অসম চৰকাৰৰ ধনেৰেই গুৱাহাটীৰ বিলাসী হোটেলত মহাৰাষ্ট্ৰৰ বিসম্বাদী দলটো আশ্ৰয় লোৱা বুলিও বিস্ফোৰক মন্তব্য কৰে ৰকিবুল হুছেইনে । দলটোক আশ্ৰয় দি অন্য ৰাজ্যই ক'লা দাগ ল'ব বিচৰা নাই যদিও অসমে তেওঁলোকক আশ্ৰয় দিছে বুলি অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰে কংগ্ৰেছ নেতাগৰাকীয়ে ।

অসমৰ মুখ্যমন্ত্ৰীৰ গাত বগা দাগ নায়েই বুলিও অভিযোগ কৰি ৰকিবুল হুছেইনে কয় যে হিমন্ত বিশ্ব শৰ্মাই শৰীৰত ক'লা দাগ লগাবলৈ ভয় নকৰে বাবেই গুৱাহাটীত আশ্ৰয় দিছে মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কৰ দলটোক । একনাথৰ নেতৃত্বত গুৱাহাটীৰ হোটেল ৰেডিশ্বন ব্লু'ত বাহৰ পতা বিধায়কৰ দলটোক শীঘ্ৰে অসম এৰি যাবলৈকো আহ্বান জনাইছে ৰকিবুল হুছেইনে ।

লগতে পঢ়ক :একনাথ সিন্দেক প্ৰত্যাহ্বান জগদীশ ভূঞাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.