ETV Bharat / state

ৰূপহীহাটৰ গ্ৰাহক সেৱা কেন্দ্ৰত চাঞ্চল্যকৰ ডকাইতি

ৰূপহীহাটত দিন-দুপৰতে সংঘটিত হৈছে এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড । ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰলৈ বাইকত অহা দুই দুৰ্বৃত্তই শূন্যলৈ গুলীচালনা কৰি লুটি নিয়ে 1.50 লাখ টকা ৷

author img

By

Published : Apr 22, 2021, 8:44 PM IST

robbery-in-csp-of-sbi-in-rupohihat
ৰূপহীহাটত গ্ৰাহক সেৱা কেন্দ্ৰত চাঞ্চল্যকৰ ডকাইতি

ৰূপহীহাট,22 এপ্ৰিল: নগাঁও জিলাৰ ৰূপহীহাটত ক্ৰমাৎ বৃদ্ধি পাইছে ডকাইতিৰ ঘটনা । পুনৰ ৰূপহীহাটত দিন-দুপৰতে সংঘটিত হৈছে এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড । জুৰীয়াৰ জহাজানত বৃহস্পতিবাৰে দিন-দুপৰতে এটা ডকাইতৰ দলে এগৰাকী ষ্টেট বেংকৰ বাণিজ্যিক প্ৰতিনিধিৰ পৰা প্ৰায় ১ লাখ ৫০ হাজাৰ টকা লুটি নিয়ে । জহাজানস্থিত ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰটোলৈ বাইকত অহা দুই দুৰ্বৃত্তই শূন্যলৈ গুলী ফুটাই শাখাটোৰ গৰাকী হিবজুৰ ৰহমানৰ পৰা 1.50 লাখ টকা লুটি লৈ যায় ৷

উক্ত ঘটনাক কেন্দ্ৰ কৰি সম্প্ৰতি অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত সূঁতিৰপাৰ আৰক্ষী উপস্থিত হয় ৷ সম্প্ৰতি আৰক্ষীয়ে উক্ত ডকাইতিৰ ঘটনাৰ প্ৰাথমিক তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: ক'ভিড পৰীক্ষাৰ ভয়ত শিলচৰ বিমানবন্দৰৰ পৰা পলায়ন ৩০০ যাত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.