নগাঁও,18 মাৰ্চঃ মঙলবাৰে নিশা নগাঁৱৰ বৰঘাটত সংঘটিত হয় এক পথ দুৰ্ঘটনা । আৰক্ষীৰ এটা দলে তহল দি থকাৰ সময়তে এখন দ্ৰুতবেগী ট্ৰাকে খুন্দা মাৰে আৰক্ষীৰ বাহনত । ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় বৰঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীৱ কুমাৰ সিংহাসহ সাতজনকৈ আৰক্ষী ৷ পথচাৰীৰ সহযোগত আহত আটাইকেইজন আৰক্ষীক নগাঁও অসামৰিক চিকিৎসালয়ত ইতিমধ্যে ভৰ্তি কৰোৱা হৈছে ৷ দুৰ্ঘটনাৰ ফলত আহত হোৱা আনকেইজন বিষয়া হৈছে আৰক্ষী কনিষ্টবল নিপু ডেকা ৰাজা,কল্যাণ দিহিঙীয়া,ৰাকেশ বৰদলৈ,প্ৰফুল্ল বৰা,গৃহৰক্ষী জোৱান বকুল বৰদলৈ আৰু বাহনখনৰ চালক ভোলা কলিতা ।
ইফালে,সংকটজনক অৱস্থাত মাজনিশা উন্নত চিকিৎসাৰ বাবে সঞ্জীৱ কুমাৰ আৰু বকুল বৰদলৈক গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় । বৰ্তমান আটাইকেইজন আৰক্ষী সংকটমুক্ত বুলি জানিব পৰা গৈছে । আৰক্ষীৰ বাহনখনত তীব্ৰবেগেৰে খুন্দিয়াই পলায়ন কৰে ট্ৰাকখন । উল্লেখ্য যে,বৰঘাট আৰক্ষী চকীত যোগদান কৰিয়ে ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে অবৈধভাৱে গৰু কঢ়িওৱা ট্ৰাকৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছিল ৷