ETV Bharat / state

কলিয়াবৰত পথ দুৰ্ঘটনাঃ আহত 1

দুৰ্ঘটনাত গুৰুতৰভাৱে আহত অৰূপজ‍্যোতি মহন্ত

কলিয়াবৰত পথ দুৰ্ঘটনাঃ আহত 1
author img

By

Published : Jun 25, 2019, 7:51 PM IST

  • কলিয়াবৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা
  • তেজপুৰ অভিমুখী মটৰচাইকেল আৰু নগাঁও অভিমুখী এল্ট'ৰ মাজত মুখামুখী সংঘৰ্ষ
  • দুৰ্ঘটনাত গুৰুতৰভাৱে আহত অৰূপজ‍্যোতি মহন্ত নামৰ এজন লোক
  • দুৰ্ঘটনা সংঘটিত কৰা এল্ট'খনত দিবাকৰ গগৈ আৰু তেখেতৰ পত্নী থকা বুলি জানিব পৰা গৈছে
  • চাৰি লেনযুক্ত পথ নিৰ্মাণত হেমাহি হোৱাৰ বাবে উক্ত পথত সঘনাই দু্ঘটনা সংঘটিত হোৱাৰ অভিযোগ ৰাইজৰ

Intro:কলিয়াবৰত ৩৭ নং ৰাষ্ট্ৰীয় পথত পুণৰ দুৰ্ঘটনা

বৰালী গাঁৱত এল্ট'য়ে খুন্দিয়ালে মটৰচাইকেল

গুৰুতৰভাবে আহত মটৰচাইকেল আৰোহী

চাৰি লেনযুক্ত ৰাষ্ট্ৰী পথ নিৰ্মাণ হেমাহিৰ ফলতেই সংঘটিত এই দুৰ্ঘটনাBody:মঙ্গলবাৰে কলিয়াবৰত ৩৭ নং ৰাষ্ট্ৰীয় পুণৰ এক দুৰ্ঘটনা সংঘটিত হয়। বিয়লি প্ৰায় চাৰিমান বজাত সংঘটিত হোৱা দুৰ্ঘটনাটোত মটৰচাইকেল আৰোহী অৰূপজ‍্যোতি মহন্ত (৩৩) গুৰুতৰভাবে আঘাটপ্ৰাপ্ত হয়। নগাঁৱৰ পৰা তেজপুৰ হাতীপিলখানাৰ নিবাসী অৰূপজ‍্যোতি মহন্ত এ. এছ. ১২ কে. ৫৮৬০ পঞ্জীয়ন নম্বৰৰ মটৰচাইকেলেৰে তেজপুৰ অভিমুখে আহি থকা অৱস্থাত তিনিচুকীয়াৰ পৰা নগাঁও দিশে আহি থকা এ. এছ. ১৯ বি. ৬৮৩১ পঞ্জীয়ন নম্বৰৰ এখন এল্ট' গাড়ীৰে মুখামুখী সংঘৰ্ষ হয়। ফলত মটৰ চাইকেল আৰোহী গৰাকী গুৰুতৰভাবে আহত হয়। স্থানীয় লোকৰ সহযোগত মিছা আৰক্ষীয়ে ততাতৈয়াকৈ জখলাবন্ধাৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে। প্ৰাথমিক চিকিৎসা কৰাৰ অন্তত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰিছে।
দুৰ্ঘটনা সংঘটিত কৰা এল্ট'খনত তিনিচুকীয়াৰ পৰা নগাঁৱলৈ দিবাকৰ গগৈসহ পত্নী আহি আছিল বুলি জানিব পৰা গৈছে।
মূলত চাৰি লেন যুক্ত পথ নিৰ্মাণত হোৱা হেমাহিৰ বাবেই ধাৰাবিহিকভাবে মিছা-বৰালী গাঁও-কলিয়াবৰ তিনিআলিৰ ৩৭ নং ৰাষ্ট্ৰীয় পথছোৱাত দুৰ্ঘটনা সংঘটিত হৈ আহিছে। মাত্ৰ এপষেক পূৰ্বে ঠিক একে স্থানতে হোৱা এক শোকাবহ পথ দুৰ্ঘটনাত দুটি শিশুৰ শোকাবহ মৃত‍্যু হৈছিল।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.