কলিয়াবৰ, 26 জুনঃ কলিয়াবৰত পুনৰ পথ দুৰ্ঘটনা। বুধবাৰে মাথো 4 ঘণ্টাৰ ভিতৰতে কলিয়াবৰত দ্বিতীয়টো পথ দুৰ্ঘটনা সংঘটিত হয়। বিয়লি প্ৰায় পাঁচ মান বজাত নলতলিত হোৱা এক দুৰ্ঘটনাত এগৰাকী মহিলাই প্ৰাণ হেৰুওৱাৰ পিচত হাটবৰত সন্ধ্যা প্ৰায় ৮:৩০ মান বজাত আন এক দুৰ্ঘটনাত অন্য এজন লোকৰ মৃত্যু ঘটে। দুৰ্ঘটনাত মুকুল শইকীয়া নামৰ এজন লোকক মাৰুতি বেলান'য়ে খুন্দিওৱাৰ ফলত নিহত হয় মুকুল শইকীয়া।
হাটবৰ বৰিগাঁৱৰ নিবাসী মুকুল শইকীয়াই সন্ধ্যা নিজৰ পাচলিৰ ব্যৱসায় সামৰি ঘৰমুৱা হওঁতেই নগাঁও দিশৰ পৰা প্ৰচণ্ড বেগেৰে অহা এ এছ ১২ এক্স ৩১৫৮ পঞ্জীয়ন নম্বৰৰ মাৰুতি বেলান' গাড়ীখনে ৩৭ নং ৰাষ্ট্ৰীয় পথৰ ওপৰতেই খুন্দিয়াই থৈ যায়। ততাতৈয়াকৈ জখলাবন্ধা হস্পিতাললৈ অনা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে ক্ষুদ্ৰ ব্যৱসায়ীজনক। প্ৰাপ্ত তথ্য অনুসৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰা গাড়ীখন চালকৰ সৈতে জখলাবন্ধা আৰক্ষীয়ে আটক কৰে ৷