ETV Bharat / state

Man Elephant Conflict : ৰংহাঙত বন্যহস্তীৰ খাদ্যৰ বাবে ধানখেতি - rice field for wild elephant in Nagaon

এই বিশেষ পথাৰখনতে ধান খাই যাতে বন্যহস্তীৰ জাক ব্যস্ত থাকে তাৰ উদ্দেশ্যে চতুৰ্থবাৰ বাবে এই কৃষিকাৰ্য কৰিছে গুৱাহাটীৰ জ্যেষ্ঠ নাগৰিক প্ৰদীপ কুমাৰ ভূঞাৰ পৃষ্ঠপোষকতাত তথা প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰাৰ নেতৃত্বত "হাতীবন্ধু" নামৰ এটি স্বেচ্ছাসেৱী সংগঠনে (Hatibandhu NGO) ।

Nagaon
Nagaon
author img

By

Published : Oct 28, 2022, 1:44 PM IST

চামগুৰি, ২৮ অক্টোবৰ : অসমত হস্তী-মানুহৰ সংঘাতৰ কথা নতুন নহয় (Man Elephant conflict) । ক্ৰমাগতভাৱে কমি অহা ঘন অৰণ্য আৰু তাত সৃষ্টি হোৱা খাদ্য সংকটৰ বাবে জনাৰণ্যলৈ নামি আহে বনৰীয়া হাতী । বিশেষকৈ খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীৰ জাকে মানুহৰ খেতি-বাতি তহিলং কৰাৰ লগতে ঘৰ-দুৱাৰো অনিষ্ট কৰে (Man Elephant conflict in Assam) ।

আনকি ইয়াৰ ফলত মানুহৰ প্ৰাণহানিৰ দৰে পৰিস্থিতিও মাজে মাজে সৃষ্টি হৈ আহিছে । বন্যহস্তীৰ এই তাণ্ডৱ ৰুধিবলৈ বিভিন্ন ধৰণৰ উপায়ৰ চিন্তা কৰা হয় যদিও সেইবোৰ কিন্তু কাৰ্যক্ষেত্ৰত ফলৱৰ্তী নহয় । তাৰ মাজতে এইবাৰ বন্যহস্তীৰ বাবে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে নগাঁও-কাৰ্বি আংলং সামীন্তত ।

Man Elephant Conflict : ৰংহাঙত বন্যহস্তীৰ খাদ্যৰ বাবে ধানখেতি

নগাঁও-কাৰ্বিআংলং সীমান্তৰ এখন বিশেষ ধাননি পথাৰ (rice field for wild elephant in Nagaon) । এই ধাননিডৰা সৃষ্টি কৰা হৈছে কেৱল বন্যহস্তীক খাদ্য যোগান ধৰিবৰ বাবে । আঘোণৰ দিনকেইটাত যাতে বন্যহস্তীৰ জাক ভৈয়ামৰ পথাৰলৈ নামি আহি কৃষক ৰাইজৰ ধানখেতি তহিলং কৰিব নোৱাৰে তাৰ বাবে এই পদক্ষেপ ।

এই বিশেষ পথাৰখনতে ধান খাই যাতে বন্যহস্তীৰ জাক ব্যস্ত থাকে তাৰ উদ্দেশ্যে চতুৰ্থবাৰ বাবে এই কৃষিকাৰ্য কৰিছে গুৱাহাটীৰ জ্যেষ্ঠ নাগৰিক প্ৰদীপ কুমাৰ ভূঞাৰ পৃষ্ঠপোষকতাত তথা প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰাৰ নেতৃত্বত "হাতীবন্ধু" নামৰ এটি স্বেচ্ছাসেৱী সংগঠনে (Hatibandhu NGO) । ইয়াত পূৰ্ণ সহযোগ কৰিছে স্থানীয় হাতীখলি-ৰংহাং গাঁৱৰ চহা খেতিয়ক ৰাইজে ।

সেউজীয়া ৰংহাঙৰ পথাৰত এতিয়া ধানে গেঁৰ মেলিছে । তাৰ পিছতেই আঘোণৰ বতৰত ধাননিখনলৈ আগমন ঘটিব বন্যহস্তীৰ জাকৰ । নিতৌ বনৰীয়া হাতীৰ জাকে উদৰ পূৰাই ধান খাই থকাৰ দীঘলীয়া সময়খিনিতে ভৈয়ামৰ কৃষকেও পথাৰৰ পৰা ঘৰলৈ চপাই নিব পাৰিব নিজৰ কষ্টোপাৰ্জিত ধানখেতি । লগতে বৃহত্তৰ অঞ্চলটোত নোহোৱা হ'ব পূৰ্বে সংঘটিত হস্তী-মানৱৰ সীমাহীন সংঘাত !

ইফালে হস্তী-মানৱৰ সংঘাত ৰোধৰ বাবে হাতীবন্ধুৱে উদ্যোগ গ্ৰহণ কৰি কৃতকাৰ্য হৈ দেখুওৱা এই অভিনৱ পৰিকল্পনাটোৰ সন্দৰ্ভত তথ্য সংগ্ৰহ তথা গৱেষণা কৰিবৰ বাবেও এতিয়া হাতীখলি-ৰংহাঙৰ পথাৰলৈ ঢপলিয়াই আহিছে দেশ-বিদেশী একাংশ লোকৰ লগতে একাধিক উৎকণ্ঠিত ছাত্ৰ-ছাত্ৰীও । তথ্যভিত্তিক আৰু বস্তুনিষ্ঠ গৱেষণাৰ জৰিয়তে হাতীবন্ধুৰ এই ফলপ্ৰসূ পৰিকল্পনাটো অনাগত দিনত হাতী-মানুহৰ সংঘাত প্ৰৱণ দেশৰ আন আন অঞ্চলসমূহলৈ প্ৰসাৰ কৰাৰ প্ৰয়াস কৰিবলৈ ৰংহাঙৰ পথাৰত উপস্থিত হোৱা ছাত্ৰ-ছাত্ৰীসকলক সংবাদ মাধ্যমৰ যোগেদি আহ্বান জনাইছে প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰাই ।

লগতে পঢ়ক :MP Rwngwra Narzary visits Indo-Bhutan border : অসমৰ পৰিৱেশ বিনস্ত কৰিছে ভূটানে !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.