ETV Bharat / state

লাওখোৱা অভয়াৰণ্যত উদ্ধাৰ গঁড়ৰ কংকাল

ভুৱা প্ৰতিবেদন দাখিলৰ অভিযোগ বন বিষয়াৰ বিৰুদ্ধে ৷ গঁড়টো বিগত বৰ্ষৰ ছেপ্তেম্বৰতে হত্যা হোৱাৰ সন্দেহ ৷

author img

By

Published : Jun 24, 2019, 9:23 PM IST

লাওখোৱা অভয়াৰণ্যত উদ্ধাৰ গঁড়ৰ কংকাল

নগাঁও, 24 জুন : লাওখোৱা অভয়াৰণ্যত উদ্ধাৰ গঁড়ৰ কংকাল । বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ সংস্থাৰ সহযোগত নগাঁও বন্যপ্ৰাণী সংমণ্ডল বিষয়াই আজি অভিযান চলায় লাওখোৱা অভয়াৰণ্যৰ পৰা উদ্ধাৰ কৰিলে গঁড়টোৰ কংকাল । গঁড়টো বিগত বৰ্ষৰ ছেপ্তেম্বৰতে হত্যা হোৱাৰ সন্দেহ ৷ আনহাতে, সেই সময়ত ওৰাং অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা এশিঙীয়া গঁড়টো পুনৰ ঘূৰি যোৱাৰ প্ৰতিবেদন দিছিল বনবিভাগে ৷ কিন্তু এই বিষয়ে ভুৱা প্ৰতিবেদন দাখিলৰ অভিযোগ সেই সময়ৰ নগাঁও বন্যপ্ৰাণী সংমণ্ডল বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰা জিতেন্দ্ৰ কুমাৰৰ বিৰুদ্ধে ৷ কেইমাহমান পূৰ্বে নগাঁৱৰ পৰা বদলি কৰা হৈছিল বিষয়াগৰাকীক । অৱশ্যে তদন্তৰ পাচতহে ওলাই পৰিব ঘটনাৰ সত্যতা ৷

Intro:Big breaking Body:অসমৰ বনবিভাগত ৰক্ষকেই ভক্ষক। ওৰাং অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা এশিঙীয়া গঁড়ক হত্যা কৰি কাটি নিয়া হ'ল খৰ্গ। ২০১৮চনৰ ছেপ্টেম্বৰতে সংঘটিত হৈছিল এই গঁড় হত্যা। গঁড় হত্যা কৰি পুটি থৈছিল চোৰা চিকাৰীয়ে। বনবিভাগে ওৰাং অভয়াৰণ্য ৰ গঁড় পুনৰ ঘূৰি যোৱাৰ ভুৱা প্ৰতিবেদন দিছিল। কিন্তু দিল্লীৰ পৰা অহা বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰন সংস্থাৰ সহযোগত নগাঁও বন্যপ্ৰাণী সংমণ্ডল বিষয়াই আজি অভিযান চলাই লাওখোৱা অভয়াৰণ্যৰ পৰা উদ্ধাৰ কৰিলে গঁড়ৰ কংকাল। গঁড় হত্যা হোৱাৰ কালছোৱাত নগাঁও বন্যপ্ৰাণী সংমণ্ডল বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল জিতেন্দ্ৰ কুমাৰে। আজিৰ পৰা কেইমাহমান পূৰ্বে নগাঁৱৰ পৰা তেঁওক বদলি কৰা হৈছিল। বনবিভাগৰ ভুৱা প্ৰতিবেদনে জোঁকাৰণি তুলিছে ৰাজ্যৰ বনবিভাগত। গঁড় হত্যা আৰু খৰ্গ বিক্ৰীত বনবিভাগ জড়িত থকাৰ সন্দেহConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.