ETV Bharat / state

নগাঁৱত বন বিভাগৰ জালত গঁড় চিকাৰী

author img

By

Published : Jun 27, 2019, 8:18 AM IST

বন্য প্ৰাণী সংমণ্ডল বিষয়া টি চি ৰঞ্জিতৰ নেতৃত্বত বন বিভাগৰ এটা দলে নগাঁৱৰ গঢ়াজান ফুটলজাৰৰ আক্কাছ আলী নামৰ এটা গঁড় চিকাৰীক গ্ৰেপ্তাৰ কৰে । ইতিমধ্যে ধৃত আক্কাছ আলীক মাৰাথান জেৰা অব্যাহত ৰাখিছে বন বিভাগে ।

নগাঁৱত বন বিভাগৰ জালত এক চোৰাং গঁড় চিকাৰী

নগাঁও, ২৭ জুনঃ নগাওঁ জিলা বন বিভাগে লাওখোৱা অভয়াৰণ্যত গঁড়ৰ কংকাল উদ্ধাৰ হোৱা ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে । লাওখোৱা অভয়াৰণ্যৰ একমাত্ৰ গঁড়টো হত্যা কৰি চোৰাং চিকাৰীয়ে কাটি নিছিল খড়্গ । আঠ মাহ পূৰ্বে সংঘটিত হোৱা ঘটনা গাপ দিয়াৰ চেষ্টা কৰা হৈছিল যদিও নতুনকৈ যোগদান কৰা বন্য প্ৰাণী সংমণ্ডল বিষয়া টি চি ৰঞ্জিতৰ নেতৃত্বত বন বিভাগৰ এটা দলে তদন্ত চলায় পোহৰলৈ আনে সমগ্ৰ ঘটনা । বুধবাৰে এই ঘটনাৰ সৈতে জড়িত নগাঁৱৰ গঢ়াজান ফুটলজাৰৰ আক্কাছ আলী নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় বন বিভাগৰ লোকে । ইতিমধ্যে ঘটনা সন্দৰ্ভত ধৃত আক্কাছ আলীক বন বিভাগৰ লোকে অব্যাহত ৰাখিছে মাৰাথান জেৰা ।

লগতে আন এটা বাতৰি- দুদিনত শিৱসাগৰৰ পৰা আটক চাৰি ড্ৰাগছ সৰবৰাহকাৰী

Intro:লাওখোৱাৰ গঁড় চিকাৰৰ লগত জড়িত এজনক গ্ৰেপ্তাৰ। Body:লাওখোৱা অভয়াৰণ্যত গঁড়ৰ কংকাল উদ্ধাৰ হোৱা ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে নগাওঁ জিলা বন বিভাগে। লাওখোৱা অভয়াৰণ্যৰ একমাত্ৰ গঁড়টো হত্যা কৰি চোৰাং চিকাৰীয়ে কাটি নিছিল খৰ্গ। আঠ মাহ পূৰ্বে সংঘটিত হোৱা ঘটনা গাপ দিয়াৰ চেষ্টা কৰা হৈছিল যদিও নতুনকৈ যোগদান কৰা বন্য প্ৰাণী সংমণ্ডল বিষয়া টি চি ৰঞ্জিতৰ নেতৃত্বত বন বিভাগৰ এটা দলে তদন্ত চলাই পোহৰলৈ আনে সমগ্ৰ ঘটনা। এই ঘটনাৰ সৈতে জড়িত নগাঁৱৰ গঢ়াজান ফুটলজাৰৰ আক্কাছ আলী নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় বন বিভাগৰ লোক। মঙলবাৰে ফুটলজাৰৰ পৰা আটক কৰা আক্কাছ অলীক জেৰাৰ অন্তত বুধবাৰে সন্ধিয়া গ্ৰেপ্তাৰ কৰে বন বিভাগৰ লোকে। ঘটনা সন্দৰ্ভত ধৃত আক্কাছ অলীক বন বিভাগৰ লোকে অব্যাহত ৰাখিছে মাৰাথান জেৰা। ঘটনাৰ সৈতে জড়িত আটাইকেইজন ব্যক্তি জালত পৰাৰ সম্ভাৱনা আছে।
------------------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
26-6-19Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.