ETV Bharat / state

নগাঁৱৰ বিশিষ্ট শিক্ষাবিদ কৃষ্ণৰাম বৰাৰ দেহাৱসান - অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক

বিশিষ্ট শিক্ষাবিদজন নগাঁও ছোৱালী মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যাপক হোৱাৰ লগতে মহাবিদ্যালয়খনৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক আছিল।পৰৱৰ্তী সময়ত তেওঁ মহাবিদ্যালয়খনৰ উপাধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল । ২০০২ চনত তেওঁ অৱসৰ গ্ৰহণ কৰে।

নগাঁও ছোৱালী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ কৃষ্ণৰাম বৰাৰ দেহাৱসান

author img

By

Published : Apr 29, 2021, 10:54 PM IST

নগাঁও,29এপ্ৰিল : নগাঁৱৰ বিশিষ্ট শিক্ষাবিদ কৃষ্ণৰাম বৰাৰ বৃহস্পতিবাৰে পুৱা নিজা বাসভৱনত পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৪ বছৰ। বিশিষ্ট শিক্ষাবিদজন নগাঁও ছোৱালী মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যাপক হোৱাৰ লগতে মহাবিদ্যালয়খনৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক আছিল । পৰৱৰ্তী সময়ত তেওঁ মহাবিদ্যালয়খনৰ উপাধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল । ২০০২ চনত তেওঁ অৱসৰ গ্ৰহণ কৰে । বিশিষ্ট শিক্ষাবিদজন বৈষ্ণৱ সংস্কৃতি আৰু এক শৰণ নাম ধৰ্মৰ অনুৰাগী হোৱাৰ উপৰিও তেওঁ এজন প্ৰখ্যাত খোলবাদক আছিল । ছাত্র জীৱনত বিশিষ্ট শিক্ষাবিদজন নগাঁও মহাবিদ্যালয়ৰ সাংস্কৃতিক সম্পাদক পদত অধিষ্ঠিত হোৱাৰ লগতে তেওঁ ডছন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আলোচনী ডছনিয়ানৰো সম্পাদক হিচাপে কাৰ্য নিৰ্বাহ কৰিছিল ৷ বিগত ১৮ বছৰ ধৰি তেওঁ নগাঁও চহৰৰ জ্যোতি নগৰ নামঘৰ সমিতিৰ সভাপতি হোৱাৰ উপৰিও নামঘৰ সমিতিৰ সম্পাদকৰ দায়িত্বও বহন কৰিছিল ।

উল্লেখযোগ্য যে, তেওঁ ১৭ বছৰ ধৰি মাজ পাঠৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি, সুত সন্মিলনীৰ সম্পাদক, নগাঁও বাণিজ্য মহাবিদ্যালয় পৰিচালনা সমিতিৰ লগতো জড়িত আছিল প্ৰয়াত শিক্ষাবিদগৰাকী । নগাঁও জিলাৰ পাঠৰি অঞ্চলৰ বহু কেইখন শিক্ষানুষ্ঠানৰ প্ৰতিষ্ঠাৰ লগতো জড়িত আছিল বিশিষ্ট শিক্ষাবিদজন । মৃত্যুৰ সময়ত তেওঁ পত্নীৰ উপৰিও ভাৰতীয় জনতা পাৰ্টীৰ নগাঁও জিলা সমিতিৰ উপসভাপতি অমিতাভ বৰাকে ধৰি দুজন পুত্ৰ, এগৰাকী কন্যা আত্মীয় স্বজন ইহ সংসাৰত এৰি থৈ যায় । তেওঁৰ মৃত্যুত নগাঁও ক্ৰীড়া সংস্থা, মাজপাথৰি উচ্চ মাধ্যমিক বিদ্যালয়, নগাঁও ছোৱালী মহাবিদ্যালয়, সামাজিক-সাংস্কৃতিক সংগঠন সৃষ্টি, বিধায়ক ৰূপক শৰ্মা, নগাঁও জিলা বিজেপিৰ সভাপতি অভিজিৎ নাথ আদি ব্যক্তি-সংগঠনে শোক প্ৰকাশ কৰিছে ।

লগতে পঢ়কঃ জীৱন মৰাণৰ স্বাস্থ্য পৰীক্ষাৰ ফলাফল ক’ভিড নিগেটিভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.