ETV Bharat / state

নগাঁৱত খাদ্য সুৰক্ষা আঁচনিৰ অধীনত ৰেচন কাৰ্ড বিতৰণ - ৰেচন কাৰ্ড বিতৰণ

শুক্ৰবাৰে নগাঁৱত খাদ্য সুৰক্ষা আঁচনিৰ অধীনত শতাধিক দৰিদ্ৰ পৰিয়ালৰ মাজত ৰেচন কাৰ্ড বিতৰণ । নগাঁও জিলা অসামৰিক খাদ্য আৰু যোগান বিভাগৰ উদ্যোগত অনুষ্ঠিত কাৰ্যসূচীত অংশগ্ৰহণ কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই ।

নগাঁৱত খাদ্য সুৰক্ষা আঁচনিৰ অধীনত ৰেচন কাৰ্ড বিতৰণ

author img

By

Published : Feb 5, 2021, 8:45 PM IST

নগাঁও, ৫ ফেব্ৰুৱাৰী: ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ অধীনত শুক্ৰবাৰে নগাঁৱত হিতাধিকাৰীসকলৰ মাজত ৰেচন কাৰ্ড বিতৰণ কৰা হয় । নগাঁও জিলা অসামৰিক খাদ্য আৰু যোগান বিভাগৰ উদ্যোগত খগেন মহন্ত প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাত ৰেচন কাৰ্ডসমূহ বিতৰণ কৰা হয় । এই অনুষ্ঠানত অংশগ্ৰহণ কৰি‌ নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই কয় যে, 'মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰে ৰাজ্যখনৰ সকলো স্তৰৰ জনসাধাৰণৰ কল্যাণৰ হকে বিভিন্ন আঁচনি ৰূপায়ন কৰি আহিছে ।

নগাঁৱত খাদ্য সুৰক্ষা আঁচনিৰ অধীনত ৰেচন কাৰ্ড বিতৰণ
নগাঁৱত খাদ্য সুৰক্ষা আঁচনিৰ অধীনত ৰেচন কাৰ্ড বিতৰণ

দৰিদ্ৰ লোকসকলক সকাহ দিবলৈ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ অধীনত ৰেচন কাৰ্ড প্ৰদান কৰি এক উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰিছে' । শুক্ৰবাৰে শতাধিক হিতাধিকাৰীক মুখ্যমন্ত্ৰীৰ ফটো সম্বলিত ৰেচন কাৰ্ড প্ৰদান কৰা হয় । এই ৰেচন কাৰ্ডৰ জৰিয়তে দৰিদ্ৰ হিতাধিকাৰীসকলে চাউলকে ধৰি আন খাদ্য সামগ্ৰী বিনামূলীয়াকৈ লাভ কৰিবলৈ সক্ষম হ'ব ।

নগাঁও জিলা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ ভাৰপ্ৰাপ্ত উপ-সঞ্চালক অলকেশ দাসৰ সঞ্চালনাত অনুষ্ঠিত সভাত জ্যেষ্ঠ পৰিচালক অশোক শৰ্মা আৰু অজিত শৰ্মায়ো অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক:অগপৰ পৰিৱৰ্তে বৰপেটাত বিজেপিৰ প্ৰাৰ্থী প্ৰক্ষেপৰ দাবী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.