ETV Bharat / state

কলিয়াবৰত ৭২ সংখ‍্যক গণৰাজ‍্য দিৱস পালন - কলিয়াবৰ মহকুমা প্ৰশাসনৰ উদ‍্যোগত

COVID-১৯ৰ সংক্ৰমণ অব্যাহত থকাৰ মাজতে সমগ্ৰ দেশতে পালন কৰা হৈছে ৭২ সংখ‍্যক গণৰাজ‍্য দিৱস । কলিয়াবৰত গণৰাজ‍্য দিৱসৰ অনুষ্ঠানত মুখত মাস্ক পৰিধান কৰি পেৰেডত অংশ ল'লে আৰক্ষী জোৱানে । অনুষ্ঠানত পতাকা উত্তোলন কৰে জিলাখনৰ অতিৰিক্ত উপায়ুক্ত তথা কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি বিতোপন নেওগে ।

কলিয়াবৰত ৭২ সংখ‍্যক গণৰাজ‍্য দিৱস পালন
কলিয়াবৰত ৭২ সংখ‍্যক গণৰাজ‍্য দিৱস পালন
author img

By

Published : Jan 26, 2021, 2:04 PM IST

কলিয়াবৰ,২৬ জানুৱাৰী: সমগ্ৰ দেশতে মহামাৰীয়ে সংকটময় পৰিস্থিতিৰ সৃষ্টি কৰাৰ মাজতে প্ৰয়োজনীয় সাৱধনতা অৱলম্বন কৰি আজি দেশবাসীয়ে পালন কৰিছে ৭২ সংখ‍্যক গণৰাজ‍্য দিৱস । কলিয়াবৰ মহকুমা প্ৰশাসনৰ উদ‍্যোগত গণৰাজ‍্য দিৱস উপলক্ষে আজি বৰ্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত কৰা হয় । গণৰাজ্য দিৱসৰ অনুষ্ঠানত পতাকা উত্তোলন কৰে জিলাখনৰ অতিৰিক্ত উপায়ুক্ত তথা কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি বিতোপন নেওগে ।

কলিয়াবৰত ৭২ সংখ‍্যক গণৰাজ‍্য দিৱস পালন

উপ-পৰিদৰ্শক উদীয়ক বসুমতাৰীৰ নেতৃত্বত কুছ-কাৱাজ প্ৰদৰ্শন কৰে আৰক্ষী-শিক্ষাৰ্থীয়ে । সামৰিক অভিবাদন গ্ৰহণ কৰি অতিৰিক্ত উপায়ুক্ত বিতোপন নেওগে ভাষণ প্ৰসংগত চৰকাৰৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰ খতিয়ান দাঙি ধৰে । বিশেষকৈ কলিয়াবৰ পৰ্যটনে ৰাষ্ট্ৰীয় মানচিত্ৰত স্থান লাভ কৰাৰ কথাও জনায় । আজিৰ অনুষ্ঠানত কলিয়াবৰৰ তিনিগৰাকী বিশিষ্ট ব্যক্তি ক্ৰমে সংগীত নাটক অকাডেমী বঁটাপ্ৰাপক টংকেশ্বৰ হাজৰিকা বৰবায়ন, ক্ৰীড়াবিদ তথা অধ‍্যাপক আলহাজ আলিমুদ্দিন আহমেদ আৰু উত্তৰ-পূৱৰ প্ৰথম পেৰাচাইকেলিষ্ট ৰাকেশ বণিকক সম্বৰ্দ্ধনা জনোৱা হয় ।

আনহাতে, সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে একাংশ স্থানীয় কলা-কুশলীয়ে । মহামাৰীৰ সংক্ৰমণৰ আশংকা কৰি সীমিত সংখ‍্যক লোকৰ উপস্থিতিত আজিৰ কাৰ্যসূচী অনুষ্ঠিত কৰা হয় ।

লগতে পঢ়ক:কংগ্ৰেছ,AJP আৰু ৰাইজৰ দলৰ ত্ৰাণকর্তা আজমল: হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.