কলিয়াবৰ, 14 জুলাই : তাহানিৰ গাঁওবোৰত নাছিল বিজুলী সংযোগৰ কোনো ব্যৱস্থা ৷ চাকি, লেম্প আদিৰ পোহৰতে সকলোৱে কৰি গৈছিল নিজৰ নিত্য-নৈমিতিক কাম-কাজ ৷ নগৰবোৰত বিজুলীৰ সুবিধা আছিল যদিও সিও নিৰ্দিষ্টসংখ্যক লোকৰ মাজতে সীমাবদ্ধ আছিল ৷ অৱশ্যে তাতো যদি বিজুলী যোগানত ব্যাঘাত জন্মে, তেতিয়া মেন্থেল লাইটৰ বাহিৰে বিকল্প কোনো ব্যৱস্থাই নাছিল (Use of menthel light)।
বিয়া-সবাহ, ভাওনা আদিত মেন্থেল লাইটৰ আছিল অ-ঘোষিত দপ-দপনি । পাছলৈ গাঁওসমূহতো বিজুলী যোগানৰ ব্যৱস্থা হ'ল যদিও অনিময়ীয়া বিজুলী যোগানে এই আহিলাবিধক জীৱনৰ এক অবিচ্ছেদ্য অংগ কৰি তুলিছিল । বিজুলী সংযোগ নথকা তাহানিৰ দিনত গাঁও অঞ্চলবোৰত কেৰাচিন তেল চাকি-লেম্পৰ প্ৰচলন অধিক আছিল (Golden days of Menthel light in our society) ।
কিন্তু সেই পোহৰ বিয়া-সবাহৰ বাবে পৰ্যাপ্ত নাছিল ।
লগতে পঢ়ক : বিশ্বত জিলিকিব বীৰ লাচিতৰ মৈদাম
সেয়ে জোঁৰ জ্বলাই ভাওনা সবাহ অনুষ্ঠিত কৰিছিল গঞা ৰাইজে । অৱশ্যে পাছলৈ সেই অভাৱ পুৰণ কৰিছিল মেন্থেল লাইটে । নাটক-ভাওনাত এতিয়াৰ দৰে অত্যাধুনিক আলোক সম্পাতৰ বিপৰীতে তেতিয়াৰ দিনত মেন্থেল লাইটটো হৈ পৰিছিল নাটক-ভাওনাৰ আলোক-সম্পাতৰ লগৰী ।
সময় বাগৰিল ৷ লাহে লাহে সলনি হ’ল সময়ৰ সেই গতি ৷ সময়ৰ গতিত গাঁও অঞ্চলসমূহতো বিজুলী যোগান নিয়মীয়া হৈ পৰিল । বিজুলী সংযোগ নথকা সময়ৰ সমস্যা নোহোৱা কৰিবলৈ জেনেৰেটৰৰ ব্যৱস্থা কৰা হ'ল । আৰু ক্ৰমাৎ সময়ৰ সোঁতত হেৰাই গ'ল মেন্থেল লাইট ।
নব্বৈ দশকৰ প্ৰথম ভাগলৈকে অসমীয়া সমাজত এক সুকীয়া পৰিচয় থকা এই পোহৰ যোগানৰ সঁজুলি এতিয়া অনাদৃত । সেই মেন্থেল লাইটৰ আছে এক সোণালী ইতিহাস (Nostalgia of Menthel light) । তেতিয়াৰ সোণালী ইতিহাস এতিয়া আন্ধাৰৰ এচুকত ধূলি-মাকতি, এলান্ধুৰে সৈতে পৰি ৰোৱা এক আৱৰ্জনা । বৰ্তমান নৱ প্ৰজন্মৰ বাবেও মেন্থেল লাইট ফটোত দেখা এক আহিলালৈহে পৰিণত হ’ল ৷
লগতে পঢ়ক : Self reliant Story : কথাৰে নহয়, কামেৰে নিজৰ পৰিচয় দিয়া বিহালীৰ এজন যুৱক