ETV Bharat / state

পেডেল মাৰি মাৰি পীযুষৰ সৈতে যাত্ৰা ৰেকিবুদ্দিনৰ - পেডেল মাৰি মাৰি

ফেচবুক (Facebook)ৰ জৰিয়তে কিহৰ ইংগিত দিলে কংগ্ৰেছ বিধায়ক ৰেকিবুদ্দিন আহমেদে (Rekibuddin Ahmed)? ৰূপজ্যোতিৰ পিছে পিছে পুৰণি ব্ৰিগেডত অংশগ্ৰহণ কৰিব নেকি ৰেকিবুদ্দিনে (Rekibuddin Ahmed) ? সঁচাকৈয়ে কংগ্ৰেছ শূন্য হোৱাৰ দিশে নেকি অসম !

Rekibuddin with Piyus Hazarika
পেডেল মাৰি মাৰি পিয়ুষৰ সৈতে যাত্ৰা ৰেকিবুদ্দিনৰ
author img

By

Published : Jul 3, 2021, 10:37 AM IST

নগাঁও, 3 জুলাই : একালৰ সতীৰ্থ বৰ্তমানৰ মন্ত্ৰী পীযুষ হাজৰিকা (Pijush Hazarika)ৰ সৈতে এখন ফটো । ফটোখনক লৈ লৈ শেহতীয়াকৈ আৰম্ভ হৈছে ব্যাপক চৰ্চা । মাত্ৰ কেইদিনমান পূৰ্বে বিধায়ক পদৰ লগতে কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰিছিল মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুর্মী (Rupjyoti Kurmi)য়ে ।

ৰূপজ্যোতিৰ বিজেপি গমনৰ পিছতেই আন কেইবাজনো বিধায়ক বিজেপিত যোগদান কৰিব বুলি আৰম্ভ হৈছিল ব্যাপক চৰ্চা । ৰাজ্যৰ ৰাজনৈতিক মহলত এনে চর্চা অব্যাহত থকাৰ সময়তে হঠাৎ কংগ্ৰেছ নেতা তথা ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে (Rekibuddin Ahmed) ফেচবুকত আপলোড কৰিছে এখন বিশেষ ফটো । এই ফটোখনক লৈ এতিয়া বিভিন্ন মহলত আৰম্ভ হৈছে ব্যাপক চৰ্চা ।

ফটোখনত সন্ধিয়া দুয়োজনে স্বাস্থ্য ৰক্ষাৰ বাবে চাইকেল চলোৱাৰ ফটো বুলি সাধাৰণতে ক'ব পাৰি যদিও ফটোখনক লৈ এতিয়া আৰম্ভ হৈছে সৰৱ চর্চা ।

Rekibuddin with Piyus Hazarika
কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ সৈতে বিধায়ক ৰেকিবুদ্দিন আহমেদ

আচলতে ৰূপজ্যোতি কুৰ্মী, পীযুষ হাজৰিকা, ৰেকিবুদ্দিন আহমেদ, জয়ন্ত মল্ল বৰুৱা কংগ্ৰেছ চৰকাৰৰ শেষৰটো কাৰ্যকালৰ শেষৰফালে বৰ্তমানৰ মুখ্যমন্ত্ৰী তথা সেই সময়ৰ বিসম্বাদী নেতা ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ৰ ব্ৰিগেড অন্যতম সদস্য হিচাপে পৰিগণিত হৈছিল । পৰৱৰ্তী সময়ত হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ৰ নেতৃত্বত দাদা ব্ৰিগেডৰ অন্যতম পীযুষ, জয়ন্ত মল্লকে ধৰি কেইবাজনে বিজেপি (BJP)ত যোগদান কৰিছিল যদিও হিমন্ত (Himanta Biswa Sarma)ৰ সংগ এৰিছিল ৰূপজ্যোতি কুৰ্মী, ৰেকিবুদ্দিন আহমেদ (Rekibuddin Ahmed)ৰ দৰে আন একাংশই । বিজেপিৰ নেতৃত্বত ৰাজ্যত দ্বিতীয়বাৰৰ বাবে গঠন কৰা চৰকাৰৰ মুখ্যমন্ত্ৰী হিচাপে ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই শপত গ্ৰহণ কৰাৰ পিছতেই নিজৰ বিধায়ক পদ পৰ্যন্ত এৰি পূৰ্বে বিজেপি (BJP)ত কৰা সকলো কটু সমালোচনা পাহৰি বিজেপি (BJP)ত যোগদান কৰিলে ৰূপজ্যোতি কুর্মী (Rupjyoti Kurmi)য়ে ।

ৰূপজ্যোতি কুৰ্মীৰ কংগ্ৰেছ (Congress) ত্যাগ আৰু বিজেপি (BJP) গমনক লৈ চৰ্চা চলি থকাৰ একে সময়তে কংগ্ৰেছ (Congress) আন কেইবাজনো বিধায়ক বিজেপি (BJP)ত যোগদান কৰিব বুলিও বু-বু-বা-বা চলি আছে ৰাজ্যৰ ৰাজনৈতিক মহলত । এনে সময়ত পূৰ্বৰ ঘনিষ্ঠ সতীৰ্থ মন্ত্ৰী পীযুষ হাজৰিকা (Pijush Hazarika)ৰ সৈতে চাইকেল চলোৱা এখন ফটো ছ’চিয়েল মিডিয়া (Social Media)ত আপলোড কৰাৰ পিছতেই বিভিন্নজনে উত্থাপন কৰিছে বিভিন্ন প্ৰশ্ন । পেডেল মাৰি মাৰি পিয়ুষৰ সৈতে দাদাৰ ওচৰলৈ যাত্ৰা হয়তো ৰেকিবুদ্দিন (Rekibuddin Ahmed)ৰ ?

কংগ্ৰেছ এৰাৰ ইংগিত দিছে নেকি ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে (Rekibuddin Ahmed)? যদি ৰেকিবুদ্দিনে কংগ্ৰেছ ত্যাগ কৰে, তেন্তে ৰূপজ্যোতিৰ দৰে ৰেকিবুদ্দিনেও ৰকিবুল, ৰিপুণ বৰাকেই কৰিব নেকি জগৰীয়া ? মুঠৰ ওপৰত অইন যিয়েই নহওঁক ফটোখন এতিয়া চৰ্চাৰ কাৰণ হৈ পৰিছে ছ’চিয়েল মিডিয়াত (Social Media)।

লগতে পঢ়ক : বিকল্প মূল্যায়ন ব্যৱস্থাই ছাত্ৰ-ছাত্ৰীৰ জীৱন ধ্বংস কৰিছে বুলি কোনে ক’লে ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.