ETV Bharat / state

পদুলিত ৰঙালী : ঢোল নিৰ্মাণত ব্যস্ত বাদ্যশিল্পী - ঢোল বনোৱা শিল্পী

অসমীয়া হেঁপাহৰ ৰঙালী বিহুটিক লৈ ৰাজ্য়ত উখল-মাখল পৰিৱেশ ৷ জীয়াৰী-বোৱাৰী, কৃষক ৰাইজৰ লগতে ব্যস্ত হৈ পৰিছে ঢোল বনোৱা শিল্পী সকলো । নগাঁৱৰ ধিঙৰ ঢোল বনোৱা শিল্পী দীন দাস ব্যস্ত হৈ পৰিছে বিহুৰ আটাইতকৈ অপৰিহাৰ্য লোকবাদ্য ঢোল সজাত ৷

rangali-bihu-preparation
ৰঙালী বিহুক লৈ ঢোল বনোৱাত ব্যস্ত শিল্পী
author img

By

Published : Apr 8, 2021, 1:37 PM IST

নগাঁও, 8 এপ্ৰিল : এতিয়া ন-কুঁহিপাত ওলোৱাৰ সময় ৷ গছৰ বিৰিখত বহি কুলিৰ কু-কু মাত ৷ কাৰণ এয়া যে বসন্তৰ আগমণি ৷ পদুলি পালেহি অসমীয়া হেঁপাহৰ ৰঙালী বিহুটি ৷ বাপতিসাহোন বিহুটিক লৈ ৰাজ্যত উখল-মাখল পৰিৱেশ ৷ ব্যস্ততাৰ অন্ত নাই ডেকা-গাভৰুৰ লগতে কৃষক ৰাইজৰ ।

ইয়াৰ সমান্তৰালকৈ ব্যস্ত হৈ পৰিছে ঢোল বনোৱা শিল্পী সকলো । ঢোল বিহুৰ আটাইতকৈ অপৰিহাৰ্য লোকবাদ্য । ঢোল অবিহনে উৰুঙা উৰুঙা লাগে ডেকা-গাভৰুৰ মন ৷ নগাঁৱৰ ধিঙৰ দীন দাসে দিন-ৰাতি একাকাৰ কৰি কাষৰীয়া অঞ্চলৰ লগতে ঢোল যোগান ধৰি আছে অসমৰ বিভিন্ন জিলালৈ ।

ৰঙালী বিহুক লৈ ঢোল বনোৱাত ব্যস্ত শিল্পী

উল্লেখ্য যে, দীন দাসৰ পিতৃ হৰি দাসো এজন শিল্পী । বিগত 70 বছৰ ধৰি এই শিল্পৰ লগত জড়িত দীনৰ পিতৃ । ক’ভিড সৃষ্ট পৰিৱেশে ব্যৱসায়ত বিৰূপ প্ৰভাৱ পেলাইছিল যদিও এইবেলি এইসকল শিল্পীৰ ঢোলৰ ব্যৱসায় কিছু পৰিমাণে উন্নত হৈছে । ধিঙৰ এইগৰাকী শিল্পী দীন দাসৰ পৰিয়ালে নিৰ্মাণ কৰা ঢোলৰ সমগ্ৰ ৰাজ্যতে আছে এক বিশেষ সুনাম ।

লগতে পঢ়ক : হঠাৎ আজমলৰ ঘৰত ৰকিবুল হুছেইন !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.