বঢ়মপুৰ, 26 মাৰ্চ : বিশাল বাইক ৰেলিৰে ৰহা সমষ্টিত শুকুৰবাৰে কংগ্ৰেছ দলৰ প্ৰাৰ্থী শশী কান্ত দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় ৰকিবুল হুছেইনে ৷ ৰহা সমষ্টিৰ বিভিন্ন স্থানৰ লগতে কচুৱাৰ লংকা গাঁৱত নিৰ্বাচনী প্ৰচাৰ চলাই অসমত কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰ চৰকাৰ হোৱাটো নিশ্চিত বুলি মন্তব্য প্ৰকাশ কৰে ৰকিবুল হুছেইনে ৷
তেওঁ কয়, মহাজোঁটৰ চৰকাৰ হ'লে পাঁচ গেৰান্টি কৃষি ঋণ ৰেহাই, নিৱনুৱাক সংস্থাপন, বানপানী আৰু গৰা খহনীয়াৰ সমস্যা সমাধান, পুৰণি ধৰ্মীয় অনুষ্ঠানলৈ আৰ্থিক অনুদান, প্ৰতিটো পৰিয়ালক দুশ ইউনিট বিনামূলীয়া বিদ্যুৎ, "কা" বাতিলকে আদি কৰি চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰিবলৈ বদ্ধ পৰিকৰ ৷ ৰহা সমষ্টিৰ উন্নয়ণৰ বাবে শশীকান্ত দাসক বিপুল ভোটত জয়ী কৰাবলৈ ৰাইজক অনুৰোধ জনাই ৰকিবুল হুছেইনে ৷ উল্লেখ্য যে এই উপলক্ষে আয়োজন কৰা নিৰ্বাচনী সভাত ৰাইজৰ দলৰ পৰা দল ত্যাগ কৰি নগাঁও জিলা সাংগঠনিৰ সম্পাদক ডিম্বেশ্বৰ চেতিয়াৰ নেতৃত্বত কেইবা শতাধিক কৰ্মীয়ে কংগ্ৰেছ দলত যোগদান কৰে ৷
লগতে পঢ়ক: ইভিএম লৈ ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হ'ল নিৰ্বাচনী বিষয়া