চামগুৰি, 23 মে’: ভয়াৱহ ক’ভিড পৰিস্থিতিৰ বাবে ৰাজ্য চৰকাৰে ঘোষণা কৰা আংশিক লকডাউনৰ মাজতে কন্টেইনমেন্ট জ’নত আবদ্ধ হৈ থকা সমষ্টিবাসীৰ কাষ চাপিল বিধায়ক ৰকিবুল হুছেইন ৷
দেওবাৰে চালনাৰ কণ্টেইনমেণ্ট জনৰ ৪৭ টাকৈ পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰিলে জ্যেষ্ঠ বিধায়ক ৰকিবুল হুছেইনে । উল্লেখযোগ্য যে, দেওবাৰে চামগুৰিৰ ক’ভিড সংক্ৰমিত এলেকাত উপস্থিত হয় জেষ্ঠ কংগ্ৰেছ নেতা ৰকিবুল হুছেইন ।
চামগুৰিৰ পুৰণা চালনাৰ কণ্টেইনমেণ্ট জ’নত উপস্থিত হৈ আৰ্তজনক সহায়ৰ হাত আগবঢ়ালে জেষ্ঠ কংগ্ৰেছী নেতা গৰাকীয়ে । পুৰণা চালনাৰ কণ্টেইনমেণ্ট জনৰ ৪৭টা পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী আৰু ইমিউনিটি বৃদ্ধিৰ বাবে ঔষধ বিতৰণ কৰিলে নেতা গৰাকীয়ে । আনহাতে, উদমাৰী, বৰজুৰি, পুৰণাচালনা, আমলখিৰ চাহ বাগান অধ্যুষিত অঞ্চলসমূহত থকা ক’ভিড আক্ৰান্ত পৰিয়াল সমূহৰো খা-খবৰ লয় হুছেইনে ।
ইয়াৰ লগতে তেওঁ চিমনাবস্তিত থকা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰতো উপস্থিত হৈ ক’ভিড ৰোগী সকলৰ সৈতে মত বিনিময় কৰে ৷ আনহাতে,কণ্টেইনমেন জ’নত থকা পৰিয়ালৰ সৈতে ফোন যোগে মত বিনিময় কৰে প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিঙে ।
লগতে পঢ়ক :৫ টা গৰুসহ বৰপেটাত দুই চোৰাং গৰু বেপাৰী আটক