নগাঁও, 1 ছেপ্তেম্বৰঃ ৰূপক শৰ্মাৰে কৌশলগত বুজাবুজিৰে পুনৰ সভাপতিৰূপে নিৰ্বাচিত হ'ল পূৰ্বৰ সভাপতি তথা প্ৰাক্তন কেন্দ্ৰীয় ৰে'ল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁই । ক্ৰীড়া সন্থাৰ অন্যান্য সদস্যৰ সৈতে এক আলোচনাত মিলিত হোৱাৰ পাছত একাংশ সদস্যই ৰাজেন গোহাঁই আকৌ এবাৰ সভাপতি হোৱাটো বিচাৰে বুলি জনোৱাত ৰূপক শৰ্মাই সভাপতি পদৰ আসন এৰি দিয়ে ৰাজেন গোহাঁইক । আনহাতে, অন্যান্য পদৰ বাবে অনুষ্ঠিত হোৱা নিৰ্বাচনত সম্পাদক হিচাপে নিৰ্বাচিত হয় প্লাৱন বৰুৱা । একেদৰে উপসভাপতি পদত জীৱন সুৰনা, প্ৰদীপ হাজৰিকা, প্ৰশান্ত কুমাৰ বৰা, ৰবি শংকৰ মজুমদাৰ আৰু তপন কুমাৰ শৰ্মাৰ লগতে ক্ৰীড়া সন্থাৰ যুটীয়া সম্পাদক হিচাপে অসীম ভাওঁৱেল ,প্ৰমোদ কোঠাৰি আৰু সহ সম্পাদক হিচাপে সমীৰ হাজৰিকা আৰু ৰিংকু দাস বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হয় । উল্লেখ্য যে, নগাঁও ক্ৰীড়া সন্থাৰ কাৰ্যকৰী সভাপতিৰ পদত বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছে বিধায়ক ৰূপক শৰ্মা
ৰাজেন গোঁহাইৰ কৌশলত পৰাজিত ৰূপক শৰ্মা ! - Rajen Gohain
নগাওঁ ক্ৰীড়া সন্থাৰ সভাপতিৰ বাবে অনুষ্ঠিত নহ'ল নিৰ্বাচন । ৰূপক শৰ্মাৰে কৌশলগত বুজাবুজিৰে পুনৰ সভাপতিৰূপে নিৰ্বাচিত হ'ল পূৰ্বৰ সভাপতি তথা প্ৰাক্তন কেন্দ্ৰীয় ৰে'ল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁই । অন্যান্য পদৰ বাবে অনুষ্ঠিত হল নিৰ্বাচন ।
নগাঁও, 1 ছেপ্তেম্বৰঃ ৰূপক শৰ্মাৰে কৌশলগত বুজাবুজিৰে পুনৰ সভাপতিৰূপে নিৰ্বাচিত হ'ল পূৰ্বৰ সভাপতি তথা প্ৰাক্তন কেন্দ্ৰীয় ৰে'ল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁই । ক্ৰীড়া সন্থাৰ অন্যান্য সদস্যৰ সৈতে এক আলোচনাত মিলিত হোৱাৰ পাছত একাংশ সদস্যই ৰাজেন গোহাঁই আকৌ এবাৰ সভাপতি হোৱাটো বিচাৰে বুলি জনোৱাত ৰূপক শৰ্মাই সভাপতি পদৰ আসন এৰি দিয়ে ৰাজেন গোহাঁইক । আনহাতে, অন্যান্য পদৰ বাবে অনুষ্ঠিত হোৱা নিৰ্বাচনত সম্পাদক হিচাপে নিৰ্বাচিত হয় প্লাৱন বৰুৱা । একেদৰে উপসভাপতি পদত জীৱন সুৰনা, প্ৰদীপ হাজৰিকা, প্ৰশান্ত কুমাৰ বৰা, ৰবি শংকৰ মজুমদাৰ আৰু তপন কুমাৰ শৰ্মাৰ লগতে ক্ৰীড়া সন্থাৰ যুটীয়া সম্পাদক হিচাপে অসীম ভাওঁৱেল ,প্ৰমোদ কোঠাৰি আৰু সহ সম্পাদক হিচাপে সমীৰ হাজৰিকা আৰু ৰিংকু দাস বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হয় । উল্লেখ্য যে, নগাঁও ক্ৰীড়া সন্থাৰ কাৰ্যকৰী সভাপতিৰ পদত বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছে বিধায়ক ৰূপক শৰ্মা
Body:বিধায়ক ৰূপক শৰ্মাই স্বীকাৰ কৰিবলৈ টান পালেও বিনা প্ৰতিদ্বন্দিতাৰেই নিৰ্বাচিত হল প্ৰাক্তন কেন্দ্ৰীয় ৰেল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁই। পদ নগাওঁ ক্ৰীড়া সন্থাৰ সভাপতি। পূৰ্বৰ সভাপতি ৰাজেন গোহাঁইৰ কাৰ্য্যকাল শেষ হোৱাৰ লগেই লগেই সভাপতি পদৰ বাবে মনোনয়ন দাখিল কৰিছিল বিধায়ক ৰূপক শৰ্মাই। লোকসভা নিৰ্বাচনত ৰাজেন গোহাঁইক প্ৰাৰ্থীত্বৰ পৰা বঞ্চিত কৰি প্ৰাৰ্থীত্ব লাভ কৰাৰ পিছত ৰাজেন গোহাঁইক নগাওঁ ক্ৰীড়া সন্থাৰ পৰাও বঞ্চিত কৰাৰ ষড়যন্ত্ৰ কৰাৰ অভিযোগ উত্থাপন কৰিছিল ৰাজেন গোহাঁইয়ে। একেটা পদৰ বাবে ৰাজেন গোহাঁইয়েও মনোনয়ন দাখিল কৰি ক্ষোভ প্ৰকাশ কৰিছিল ৰূপক শৰ্মাৰ বিৰুদ্ধে। অৱশেষত ৰাজেন গোহাঁইয়ে কৌশলগত ভাৱে যেন পৰাজিত কৰিলে ৰূপক শৰ্মাক। ক্ৰীড়া সন্থাৰ অন্যান্য সদস্যৰ সৈতে এক আলোচনাত মিলিত হৈছিল ৰূপক শৰ্মা। ৰাজেন গোহাঁই আকৌ এবাৰ সভাপতি হোৱাটো বিচাৰে বুলি একাংশই জনোৱাত ৰূপক শৰ্মাই সভাপতি পদৰ আসন এৰি দিয়ে ৰাজেন গোহাঁইক। পুনৰ বিনা প্ৰতিদ্বন্দিতাৰে সভাপতি নিৰ্বাচিত হয় ৰাজেন গোহাঁই। ৰাজেন গোহাঁইক সন্মান জনাই সভাপতিৰ আসন এৰি দিয়া বুলি দাবী কৰিলে ৰূপক শৰ্মাই।
bite, ৰূপক শৰ্মা।
Conclusion:নগাওঁ ক্ৰীড়া সন্থাৰ অন্যান্য পদৰ বাবে অনুষ্ঠিত হোৱা নিৰ্বাচনত সম্পাদক হিচাপে নিৰ্বাচিত হয় প্লাৱন বৰুৱা। একেদৰে উপসভাপতি পদত জীৱন সুৰনা, প্ৰদীপ হাজৰিকা, প্ৰশান্ত কুমাৰ বৰা, ৰবি শংকৰ মজুমদাৰ আৰু তপন কুমাৰ শৰ্মা। ক্ৰীড়া সন্থাৰ যুটীয়া সম্পাদক হিচাপে অসীম ভাওঁৱেল , প্ৰমোদ কোঠাৰি সহ সম্পাদক হিচাপে সমীৰ হাজৰিকা আৰু ৰিংকু দাস বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হয় ।
bite- সম্পাদক।
----------------------------------------------------------------------
নগাঁৱৰ পৰা ৰকিবুল ওৱাহিদ,
১-৯-১৯