ETV Bharat / state

ৰাইজৰ দলৰ নগাঁও জিলা কমিটি গঠন

author img

By

Published : Jan 2, 2021, 8:00 PM IST

সন্মুখত বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি নগাঁৱত ৰাইজ দলৰ ব্যাপক তৎপৰতা । নগাঁৱৰ আমোলাপট্টি নাট্য মন্দিৰত ৪১ জনীয়া নগাঁও জিলা সমিতি গঠন । ৰাইজৰ দলৰ নেতা ৰুবুল দাস, গিৰী শংকৰ গোস্বামী আৰু নজৰুল ইছলামক কেন্দ্ৰীয় সমিতিৰ প্ৰতিনিধি হিচাপে মনোনীত ।

ৰাইজৰ দলৰ নগাঁও জিলা কমিটি গঠন
ৰাইজৰ দলৰ নগাঁও জিলা কমিটি গঠন

নগাঁও, ২ জানুৱাৰী: সন্মুখত বিধানসভা নিৰ্বাচন । আগন্তক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি তৎপৰ হৈ পৰিছে শাসক-বিৰোধী দলসমূহ । পৰস্পৰে পৰস্পৰৰ মাজত আক্ৰমণ-প্ৰত্যাক্ৰমণৰ মাজতে শনিবাৰে নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল ৰাইজৰ দলে নগাঁও জিলা কমিটি গঠন কৰে । শাসকীয় বিজেপিক উৎখাতৰ লক্ষ্যৰে কৃষক মুক্তি সংগ্ৰাম সমিতিসহ ৭০ জাতীয় জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বত গঠিত ৰাইজৰ দলে জিলাই জিলাই আৰম্ভ কৰিছে সাংগঠনিক কাম-কাজ ।

ৰাইজৰ দলৰ নগাঁও জিলা কমিটি গঠন
ৰাইজৰ দলৰ নগাঁও জিলা কমিটি গঠন

নগাঁৱৰ আমোলাপট্টি নাট্য মন্দিৰত ৪১ জনীয়া নগাঁও জিলা সমিতি গঠন কৰা হয় । দলটোৰ ৰাজ্যিক আহ্বায়ক গিৰী শংকৰ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত অৱসৰপ্ৰাপ্ত অধ্যাপক প্ৰবীণ বৰাক সভাপতি, নীলমণি শইকীয়া আৰু প্ৰকাশ বৰুৱাক সম্পাদক, ৰাইজৰ দলৰ নেতা ৰুবুল দাস, গিৰী শংকৰ গোস্বামী আৰু নজৰুল ইছলামক কেন্দ্ৰীয় সমিতিৰ প্ৰতিনিধি হিচাপে মনোনীত কৰি গঠন কৰা হয় নগাঁও জিলা সমিতিখন ।

এই সভাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৰাজ্যিক সভাপতি ৰাজু বৰা উপস্থিত থাকি শাসকীয় বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে ।

লগতে পঢ়ক: অনুসূচিত জাতিৰ শৈক্ষিক উত্তৰণৰ বাবে কেন্দ্রীয় চৰকাৰৰ অভিলাষী আঁচনি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.