চামগুৰি, 16 আগষ্ট : এক সুখবৰ ৷ ৰাষ্ট্ৰীয় টেলিভিশ্বনৰ ৰিয়েলিটি শ্ব’ৰ গ্ৰেণ্ড ফাইনেল(Grand Finale)ত প্ৰৱেশ কৰিছে অসমৰ এটি নৃত্যাভিনয়ৰ দলে ৷ ডি ডি পঞ্জাৱ নেশ্যনেলত সম্প্ৰচাৰিত ‘Kisme Kitna Hain Dum’ নামৰ মনোৰঞ্জনমূলক ৰিয়েলিটি শ্ব’ত অনলাইনযোগে অংশগ্ৰহণ কৰি গ্ৰেণ্ড ফাইনেলত প্ৰৱেশ কৰিছে পুৰণিগুদামৰ এই দলটোৱে ৷
প্ৰায় তিনিমাহৰ অনুশীলনৰ অন্তত চূড়ান্ত পৰ্যায়লৈ আগবাঢ়ি যোৱা ‘দ্ৰোণাচাৰ্য ৰিডম অৱ দ্যা আৰ্ট’ নামৰ দলটোৱে সমগ্ৰ নগাঁওবাসী ৰাইজৰ লগতে অসমবাসী ৰাইজলৈ কঢ়িয়াই আনিছে গৌৰৱ । 16 জনীয়া নৃত্যশিল্পীৰে পুৰণিগুদামৰ ৰাজহুৱা প্ৰেক্ষাগৃহত এক কঠোৰ অনুশীলনত ব্যস্ত হৈ পৰিছে দলটো ৷
আগষ্ট মাহৰ শেষ ভাগত অনুষ্ঠিত হ’ব অনুষ্ঠানটোৰ গ্ৰেণ্ড ফাইনেল ৷ গতিকে নৃত্যশিল্পী কেইগৰাকীৰ লগতে দলটোৰ পৰিচালক অঞ্জন কৌশিক শৰ্মাই অনুষ্ঠানটোৰ চূড়ান্ত পৰ্যায়ত নিৰ্বাচিত হ’বৰ বাবে অসমবাসী ৰাইজৰ মৰম আৰু আৰ্শীবাদ বিচাৰিছে ।
লগতে পঢ়ক : পৱনদীপ ৰাজনৰ শিৰত Indian Idol 12 ৰ খিতাপ