ETV Bharat / state

Public festival 2023: নগাঁৱৰ মোলাসিং ৰঙ্গিলা প্ৰাথমিক বিদ্যালয়ত ৰাইজৰ উৎসৱ - Public festival 2023 observed in nagaon

বিদ্যালয়ে বিদ্যালয়ে উদযাপন হৈছে ৰাইজৰ উৎসৱ (Public festival observed in Assam) । নগাঁৱৰ দক্ষিণ হয়বৰগাঁও সমল কেন্দ্ৰৰ উদ্যোগত মোলাসিং ৰঙ্গিলা প্ৰাথমিক বিদ্যালয়তো উদযাপন ৰাইজৰ উৎসৱ (Public festival observed in Nagaon)। ৰাইজৰ উৎসৱৰ লগত সংগতি ৰাখি পুৱাই উলিওৱা হয় এক সাংস্কৃতিক শোভাযাত্ৰাৰ । সাংস্কৃতিক শুভাযাত্ৰাত অংশগ্ৰহণ জনপ্ৰিয় মিমিক্ৰী শিল্পী তথা চি আৰ চি চি হিমাংশু বৰ্মনৰ ।

Public festiva observed in Nagaon
মোলাসিং ৰঙ্গিলা প্ৰাথমিক বিদ্যালয়ত ৰাইজৰ উৎসৱ
author img

By

Published : Feb 15, 2023, 2:28 PM IST

মোলাসিং ৰঙ্গিলা প্ৰাথমিক বিদ্যালয়ত ৰাইজৰ উৎসৱ

নগাঁও, ১৫ ফেব্ৰুৱাৰী : সমগ্ৰ শিক্ষা অসমৰ নিৰ্দেশনা অনুসৰি চৰকাৰী বিদ্যালয়বোৰত পালন কৰা হৈছে ৰাইজৰ উৎসৱৰ (Public festival 2023) ৷ ৰাইজৰ উৎসৱৰ সৈতে সংগতি ৰাখি মোলাসিং ৰঙ্গিলা প্ৰাথমিক বিদ্যালয়টো উদযাপন কৰা হয় ৰাইজৰ উৎসৱৰ ৷ সেই অনুসৰি 14 ফেব্ৰুৱাৰীৰ পুৱাই উলিওৱা হয় এক সাংস্কৃতিক শোভাযাত্ৰাৰ । ইয়াৰ পৰিপ্ৰেক্ষিতত নগাঁও চহৰৰ লক্ষীনগৰত বিৰাজ কৰে এক উদুলি মুদুলি পৰিৱেশে ।

কণ কণ ছাত্ৰ ছাত্ৰীয়ে ভিন্ন সাজ-পাৰ পৰিধান কৰি সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰাৰ ফলস্বৰূপে উখল মাখল পৰিৱেশে বিৰাজ কৰে নগাঁও চহৰৰ লক্ষীনগৰত । স্থানীয় ৰাইজ অৰ্থাৎ অভিভাৱকক চৰকাৰী বিদ্যালয়ৰ প্ৰতি আকৰ্ষিত কৰাৰ উদ্দেশ্যেই ৰাজ্য চৰকাৰে প্ৰতিখন চৰকাৰী বিদ্যালয়তে ৰাইজৰ উৎসৱ পালন কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে । বুধবাৰে নগাঁৱৰ দক্ষিণ হয়বৰগাঁও সমল কেন্দ্ৰৰ উদ্যোগত নগাঁও চহৰৰ লক্ষীনগৰৰ মোলাসিঙ ৰঙ্গিলা প্ৰাথমিক বিদ্যালয়তো উদযাপন কৰা হয় এই ৰাইজৰ উৎসৱৰ ।

ৰাইজৰ উৎসৱ অনুষ্ঠানৰ শোভাৰম্ভণি হয় পতাকা উত্তোলন কাৰ্যসূচীৰ জৰিয়তে ৷ বিদ্যালয়খনত পতাকা উত্তোলন কৰে চি আৰ চি চি তথা মিমিক্ৰী শিল্পী হিমাংশু বৰ্মনে । ইয়াৰ পিছতেই বিদ্যালয়ৰ পৰা উলিওৱা হয় এক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ । মোলাসিঙ ৰঙ্গিলা প্ৰাথমিক বিদ্যালয়ৰ পৰা উলিওৱা সাংস্কৃতিক শোভাযাত্ৰাত বিদ্যালয়খনৰ কণ কণ ছাত্ৰ ছাত্ৰীৰ লগতে স্থানীয় বহু পুৰুষ মহিলাই অংশগ্ৰহণ কৰে । সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰে দক্ষিণ হয়বৰগাঁও ক্লাছটাৰ চি আৰ চি চি তথা জনপ্ৰিয় মিমিক্ৰী শিল্পী হিমাংশু বৰ্মনে (Mimicry artist Himanghsu Barman) ।

সাংস্কৃতিক শোভাযাত্ৰা তথা ৰাইজৰ উৎসৱে চৰকাৰী বিদ্যালয়সমূহক বিভিন্ন প্ৰকাৰে উপকৃত কৰিব বুলি আশা ব্যক্ত কৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী টুনু কলিতাই । লগতে ৰাইজৰ উৎসৱৰ লগত সংগতি ৰাখি উলিওৱা সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰি বিহু গীত পৰিৱেশন কৰে চি আৰ চি চি তথা শিল্পী হিমাংশু বৰ্মনে । উল্লেখ্য যে, নগাঁৱৰ মোলাসিং প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত ৰাইজৰ উৎসৱত ইছলাম পট্টি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অনিল বৰা, খুটিকতীয়া ভদ্ৰাম ৰাজখোৱা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অজয় ডেকা, মোলাসিং প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী টুনু কলিতাকে প্ৰমুখ্য কৰি জিলাখনৰ প্ৰায় দহখন বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক : Debabrat saikia condemend Assam govt : মুখ্যমন্ত্ৰীৰ সমালোচনাত সৰৱ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.