বটদ্ৰৱা, 8 এপ্ৰিলঃ বটদ্ৰৱাৰ ৰামপুৰত স্থানীয় ৰাইজে জব্দ কৰে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ বাবে ৰখা বৃহৎ পৰিমাণৰ চাউল ৷ বটদ্ৰৱা সমবায় সমিতিৰ 16 বেগ চাউল জব্দ কৰে স্থানীয় ৰাইজে ৷
সোমবাৰে দিনৰ ভাগত বটদ্ৰৱা সমবায় সমিতিৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধীনৰ 16 বেগ চাউল জব্দ কৰে স্থানীয় ৰাইজে ৷ ঘোঁৰা গাড়ীৰে ক'লা বজাৰত বিক্ৰী কৰিবলৈ নি থকা অৱস্থাতে ৰাইজে হাতে-লোটে কৰায়ত্ত কৰে চাউলখিনি ৷
আনহাতে চাউলখিনি জব্দ কৰি আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে চাউলখিনি থানালৈ লৈ যায় ৷ কিন্তু বাতৰি সংগ্ৰহৰ বাবে যোৱা ইটিভি ভাৰতৰ স্থানীয় সাংবাদিকক বটদ্ৰৱা আৰক্ষী চকীৰ উপ-পৰিদৰ্শক লোহিত ভূঞাই অভব্য আচৰণ কৰে ৷ থানাৰ ভিতৰতে সংঘটিত হয় এই ঘটনা ৷ এগৰাকী দায়িত্বশীল আৰক্ষী বিষয়াৰ এনে ব্যৱহাৰক লৈ সমগ্ৰ অঞ্চলটোতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷