নগাঁও,30 জুলাই: সঘনাই অসম আৰক্ষীৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উঠে ৷ ৰাইজে বিভিন্ন সময়ত আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ কৰে ৷ কিন্তু এইবাৰ আৰক্ষীক প্ৰশংসাৰে উপচাই পেলালে ৰাইজে ৷ ৰাইজে কলে ধন্যবাদ নগাঁও আৰক্ষী, ধন্যবাদ অসম আৰক্ষী ৷ পূৰ্বৰ আৰক্ষী অধীক্ষক লীনা দলেৰ কাৰ্যকালত বদনামী হোৱা নগাঁৱৰ আৰক্ষী চকীৰ সন্মুখতে অসম আৰক্ষীক জিন্দাবাদ ধ্বনিৰে উত্তাল কৰিলে সাধাৰণ ৰাইজে ৷ কাৰণ দুটা মাহৰ ভিতৰতে নগাঁৱত এই পৰিৱৰ্তন সম্ভৱ হৈছে আৰক্ষী অধীক্ষক নৱনীত মহন্তৰ তৎপৰতা ৷
সমগ্ৰ ৰাজ্যতে সমালোচনাৰ সন্মুখীন হোৱা নগাঁও আৰক্ষীৰ সন্মান ঘুৰাই অনাৰ যুঁজত যেন ব্ৰতী হৈছে বৰ্তমানৰ আৰক্ষী অধীক্ষক নৱনীত মহন্তৰ নেতৃত্বৰ নগাঁও আৰক্ষী ৷ ড্ৰাগছকে ধৰি বিভিন্ন অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে ধাৰাবাহিক অভিযান অব্যাহত ৰখাৰ সময়ত দেওবাৰে হঠাৎ অসম আৰক্ষী জিন্দাবাদ ধ্বনিৰে নগাঁৱৰ হয়বৰগাঁও আৰক্ষী চকী একপ্ৰকাৰ উত্তাল কৰিলে বহু সচেতন লোকে ৷
উল্লেখ্য যে বিগত কিছুদিন ধৰি নগাঁও, মৰিগাঁও জিলাত সঘনাই বৃদ্ধি পাইছে গৰু চুৰিৰ ঘটনা ৷ নগাঁৱৰ বিভিন্ন স্থানত সংঘটিত হৈছে কেইবাটাও গৰু চুৰিৰ ঘটনা ৷ গৰু চুৰি হোৱা সন্দৰ্ভত এজাহাৰ লাভৰ পিচতে নগাঁৱৰ হয়বৰগাঁও আৰক্ষীয়ে অভিযান চলাই লাভ কৰিছে সফলতা ৷ আৰক্ষী অধীক্ষক নৱনীত মহন্তৰ নিৰ্দেশত হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জগদীশ কলিতাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে জুৰীয়াৰ সুঁতিৰপাৰ অঞ্চলত অভিযান চলাই চুৰি হোৱা গৰু জব্দ কৰাৰ লগতে গৰু চুৰিত জড়িত ৫ টাকৈ চোৰক আটক কৰিবলৈ সক্ষম হয় ৷
আৰক্ষীৰ দলটোয়ে যোৱা শনিবাৰে নিশা সুঁতিৰপাৰৰ চৰ এলেকাত অভিযান চলাই ৭ টাকৈ চুৰি গৰু জব্দ কৰিবলৈ সক্ষম হয় ৷ ধৃত চোৰকেইটা হ’ল মাহাৰউদ্দিন,ওচমান আলী,তফজ্জুল হুছেইন,জীয়াবুৰ ৰহমান আৰু মকচিদুল ৷ হয়বৰগাঁও আৰক্ষীয়ে চুৰি হোৱা গৰু উদ্ধাৰ কৰি দিয়াৰ পিচতেই দেওবাৰে নগাঁও আৰক্ষীক প্ৰশংসা কৰে চুৰি হোৱা গৰু উভতাই পায় গৃহস্থই ৷
লগতে পঢ়ক:Suspected Murder case: চিপ লোৱা অৱস্থাত ৰহস্যজনকভাৱে যুৱক উদ্ধাৰ