ৰহা, 27 আগষ্ট : অভিযুক্তৰ চোতালত মৃতদেহ সৎকাৰ কৰিবলৈ নিদিয়াৰ বাবে ৰহাত আৰক্ষীৰে খণ্ডযুদ্ধ গাঁওবাসীৰ ৷ ৰহাৰ দেওবালিত প্ৰফুল্ল দাস নামৰ লোকজনৰ হত্যাকাণ্ড ঘটনাৰ উত্তেজনা অব্যাহত আছে । বৃহস্পতিবাৰে বিয়লি প্ৰফুল্লৰ মৃতদেহ দেওবালিলৈ অনাৰ লগে লগে উত্তপ্ত হৈ পৰে অঞ্চলটো । বহু সংখ্যক আৰক্ষীও মোতায়েন কৰিবলগীয়া হয় । শ শ লোকে প্ৰফুল্লৰ মৃতদেহ হত্যাৰ মূল অভিযুক্ত নকুল দাসৰ ঘৰৰ চোতালতে সৎকাৰ কৰিবলৈ বিচাৰে যদিও আৰক্ষীয়ে এই কাৰ্যত বাধা দিয়াত দুয়োপক্ষৰ মাজত হতা-হতিও হয় ।
ৰাইজে বহু সময় ধৰি পথৰ ওপৰতে মৃতদেহ লৈ নিজৰ স্থিতিত অটল হৈ থাকে । পিচত নগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ঘটনাস্থলীত উপস্থিত হৈ ৰাইজৰ লগত আলোচনাৰ অন্তত পৰিস্থিতি শান্ত হয় । উল্লেখ্য যে, পাবলগীয়া দুশ টকা বিচৰাৰ বাবেই বুধবাৰে নকুল দাস, মলৌ দাস আৰু মৃণাল দাস নামৰ তিনি অভিযুক্তই প্ৰফুল্লক উপৰ্যুপৰি প্ৰহাৰ কৰি গুৰুতৰভাৱে আহত কৰিছিল । পিচত বৃহস্পতিবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত প্ৰফুল্লৰ মৃত্যু হৈছিল ।
লগতে পঢ়ক : বাঘজান কাণ্ডঃ সাহাৰ্য বিচাৰি উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ ৰাইজৰ