ETV Bharat / state

সংখ্যালঘু ছাত্ৰ বৃত্তি কেলেংকাৰী: চিবিআই তদন্তৰ দাবীত কংগ্ৰেছৰ প্ৰতিবাদ - নগাঁও জিলা কংগ্ৰেছ

সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত সংঘটিত কেলেংকাৰীৰ চি বি আই তদন্ত দাবী কৰিছে নগাঁও জিলা কংগ্ৰেছৰ সংখ্যালঘু কোষে ৷ জিলা কংগ্ৰেছৰ কাৰ্যালয়ত বৃহস্পতিবাৰে সাব্যস্ত কৰা হয় এই প্ৰতিবাদ ৷

Protest of Congress in demand of CBI investigation for minority scholarship scam nagaon assam etv bharat news
কংগ্ৰেছৰ প্ৰতিবাদ
author img

By

Published : Sep 3, 2020, 7:19 PM IST

নগাঁও,3 চেপ্তেম্বৰ: সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত সংঘটিত কেলেংকাৰীয়ে ৰাজ্যজুৰি জোঁকাৰণিৰ সৃষ্টি কৰাৰ সময়তে বৃহস্পতিবাৰে নগাঁৱত প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ দলে । নগাঁও জিলা কংগ্ৰেছৰ কাৰ্যালয়ত এই প্ৰতিবাদ সাব্যস্ত কৰে দলটোৰ সংখ্যালঘু কোষে । বিশেষকৈ সমগ্ৰ কেলেংকাৰীৰ সন্দৰ্ভত চিবিআই তদন্তৰ দাবী উত্থাপন কৰি দলটোৱে সাব্যস্ত কৰে এই প্ৰতিবাদ ৷

প্ৰতিবাদকাৰীসকলে বিভিন্ন বেনাৰ-প্লে’কাৰ্ড আদি লৈ মন্ত্ৰী ৰঞ্জিত দত্ত আৰু সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ অধ্যক্ষ মমিনুল আৱাল মুৰ্দাবাদ ধ্বনিৰে উত্তাল কৰি তোলে পৰিৱেশ ৷ লগতে এই কেলেংকাৰীত একাংশ বিজেপি নেতা জড়িত থকা বুলিও অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে । প্ৰতিবাদী দলটোৱে উত্থাপিত দাবী ৰাজ্য চৰকাৰে মানি নল’লে পৰৱৰ্তী সময়ত ব্লক তথা পঞ্চায়ত পৰ্যায়তো এই আন্দোলনৰ কাৰ্যসূচী অব্যাহত থাকিব বুলি সদৰি কৰে ।

কংগ্ৰেছৰ প্ৰতিবাদ

আনহাতে, কংগ্ৰেছ নেতাকেইগৰাকীয়ে ৰাজ্যত সংস্কৃত টোল আৰু মাদ্ৰাছাসমূহ বন্ধ কৰাৰ ক্ষেত্ৰত শিক্ষা মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰিব বিচৰা পদক্ষেপৰ বিৰুদ্ধে ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ প্ৰদান কৰে ৷ উক্ত প্ৰতিবাদী কাৰ্যসূচীত কংগ্ৰেছৰ সংখ্যালঘু বিভাগৰ ৰাজ্যিক সভাপতি ছলমান খানে অংশগ্ৰহণ কৰে ।

লগতে চাওকঃ অভিনেত্ৰী চেতনা দাসৰ স্বামীৰ দেহাৱসান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.