ETV Bharat / state

চামগুৰিত অসম শক্তি বিতৰণ কোম্পানীৰ কৰ্মীৰ প্ৰতিবাদ - বিদ্যুৎ মাচুল বৃদ্ধি

অসম শক্তি বিতৰণ কোম্পানীক ব্যক্তিগতকৰণ কৰাৰ বিৰুদ্ধে চামগুৰিত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে অসম শক্তি বিতৰণ কোম্পানীৰ কৰ্মীসকলে ৷ 1957 চনৰ পৰা সেৱা আগবঢ়াই অহা অসম শক্তি বিতৰণ কোম্পানীক বহিৰাগত বনিয়াৰ হাতত গটাই দিয়াৰ সিদ্ধান্তক বিৰোধীতা কৰে কৰ্মীসকলে ৷

as_smg__Protest_of_APDCL_worker_asc10079
চামগুৰিত অসম শক্তি বিতৰণ কোম্পানীৰ কৰ্মীৰ প্ৰতিবাদ
author img

By

Published : Nov 26, 2020, 6:55 PM IST

চামগুৰি, 26 নৱেম্বৰ: চামগুৰিত অসম শক্তি বিতৰণ কোম্পানীক ব্যক্তিগতকৰণৰ বিৰুদ্ধে অৱস্থান ধৰ্মঘট ৷ চামগুৰি বৈদ্যুতিক সংমণ্ডলৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে সংমণ্ডলৰ কৰ্মচাৰীসকলে ৷ কেন্দ্ৰীয় চৰকাৰে নতুন বৈদ্যুতিক নীতিৰ জৰিয়তে ৰাজ্যসমূহৰ বিদ্যুৎখণ্ডক ব্যক্তিগতকৰণৰ যোগেদি বহিৰাগত বনিয়াৰ হাতত গটাই দিয়াৰ বাবে চলোৱা কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদ সাব্য়স্ত কৰে কৰ্মীসকলে ৷

as_smg__Protest_of_APDCL_worker_asc10079
চামগুৰিত অসম শক্তি বিতৰণ কোম্পানীৰ কৰ্মীৰ প্ৰতিবাদ

উল্লেখ্য যে, 1957 চনৰ পৰা সেৱা আগবঢ়াই অহা অসম শক্তি বিতৰণ কোম্পানীৰ কৰ্মীসকলৰ অভিযোগ বহিৰাগত বনিয়াৰ হাতত গটাই দিয়াৰ পাছত বিদ্যুৎ মাচুল বৃদ্ধি পাব,স্থানীয় নিবনুৱাৰ সংখ্যা বৃদ্ধি পাব, অসমীয়া কৰ্মচাৰীৰ ওপৰত শোষন চলিব ৷

গতিকে এই আন্দোলনৰ যোগেদি কৰ্মীসকলে ৰাজ্যৰ জাতীয় সংগঠনসমূহক প্ৰতিবাদ কৰিবলৈ আহ্বান জনোৱাৰ লগতে কেন্দ্ৰীয় চৰকাৰক জাতীয় সম্পদসমূহ বহিৰাগত বনিয়াৰ হাতত গটাই নিদিবলৈ আহ্বান জনায় ৷

লগতে পঢ়ক:শ্ৰমিক কৃষক সংগঠনৰ দেশজোৰা ধৰ্মঘট

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.