ETV Bharat / state

মধ্যাহ্ন ভোজনৰ চাউল বিতৰণৰ অনিয়মক লৈ বটদ্ৰৱাত প্ৰতিবাদ - বটদ্ৰৱা প্ৰাথমিক শিক্ষা খণ্ড বিষয়া

বটদ্ৰৱা প্ৰাথমিক শিক্ষা খণ্ড বিষয়াই বৰ্তমানৰ প্ৰধান শিক্ষক ছফিকুল ইছলাম চৌধুৰীক লগত লৈ বিদ্যালয়ত উপস্থিত হৈ মধ্যাহ্ন ভোজনৰ চাউল বিতৰণ কৰি থকা অৱস্থাতেই এক অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হয় । ইপিনে বটদ্ৰৱা প্ৰাথমিক শিক্ষা খণ্ডৰ বিষয়া জনে নিজৰ মইমতালিৰে বিদ্যালয় খন পৰিচালনা কৰি অহাৰ অভিযোগ কৰে স্থানীয় ৰাইজে ৷

protest in Batadrawa against irregular distribution of rice for lunch
মধ্যাহ্ন ভোজনৰ চাউল বিতৰণৰ অনিয়মক লৈ বটদ্ৰৱাত প্ৰতিবাদ
author img

By

Published : Sep 13, 2020, 10:58 AM IST

নগাঁও,13 ছেপ্তেম্বৰঃযি সময়ত ৰাজ্যত কৰ'ণাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে সেই সময়তে এখন চৰকাৰী বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ চাউলৰ বাবে ওলাই আহিল শ শ ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু স্থানীয় ৰাইজ । এই ঘটনা সংঘটিত হৈছে বটদ্ৰৱা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত হাইডুবী ৰামপুৰ সত্ৰ বালক এম ই মাদ্ৰাছাত ৷

জানিব পৰা মতে, বিদ্যালয় খনৰ প্ৰধান শিক্ষকৰ পদক লৈ বিগত প্ৰায় পাঁচমাহে টনা আঁজোৰা চলি থকাৰ বাবেই বিদ্যালয় খনৰ শ শ ছাত্ৰ-ছাত্ৰীয়ে মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত হৈ আহিছে ৷ তদুপৰি বিদ্যালয়ৰ প্ৰধান শিক্ষক জনে অৱসৰ লোৱাৰ পিছত বিদ্যালয়খনৰ জ্যেষ্ঠ শিক্ষক আলী আজমক শিক্ষা বিভাগে দিছিল ভাৰপ্ৰাপ্ত শিক্ষকৰ দায়িত্ব । কিন্তু ইয়াৰ কিছুদিন পিছতেই শিক্ষা বিভাগে ছফিকুল ইছলাম চৌধুৰী নামৰ আন এজন শিক্ষকক স্থায়ী প্ৰধান শিক্ষক হিচাপে নিযুক্তি প্ৰদান কৰে ।

মধ্যাহ্ন ভোজনৰ চাউল বিতৰণৰ অনিয়মক লৈ বটদ্ৰৱাত প্ৰতিবাদ

ইফালে আলী আজম নামৰ শিক্ষকজনে প্ৰধান শিক্ষকৰ দায়িত্ব চমজাই নিদিয়াৰ বাবেই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে পোৱা নাই মধ্যাহ্ন ভোজনৰ চাউল । যাৰ পৰিপ্ৰেক্ষিতত শনিবাৰে বটদ্ৰৱা প্ৰাথমিক শিক্ষা খণ্ড বিষয়াই বৰ্তমানৰ প্ৰধান শিক্ষক ছফিকুল ইছলাম চৌধুৰীক লগত লৈ উপস্থিত হয় বিদ্যালয়ত ৷ সেই সময়ত বিদ্যালয়খনত মধ্যাহ্ন ভোজনৰ চাউল বিতৰণ কৰি থকা অৱস্থাতেই এক অনাকাংক্ষিত পৰিস্থিতিৰো সৃষ্টি হয় ।

ইপিনে বটদ্ৰৱা প্ৰাথমিক শিক্ষা খণ্ডৰ বিষয়াজনে নিজৰ মইমতালিৰে বিদ্যালয় খন পৰিচালনা কৰি অহাৰ অভিযোগ কৰে স্থানীয় ৰাইজৰ ৷ সেয়েহে শিক্ষা বিষয়া বাহাৰুল ইছলামৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে । আনহাতে,প্ৰতিবাদস্থলীৰ পৰিস্থিতি ইমানেই উত্তপ্ত হৈ পৰে যে বিদ্যালয়খনত বটদ্ৰৱা আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলগীয়া হয় ৷ অভিযোগ-প্ৰতি অভিযোগক লৈ শিক্ষা বিভাগে হস্তক্ষেপ কৰি এই সমগ্ৰ বিষয় সন্দৰ্ভত কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে সেইয়া হ'ব লক্ষণীয় ৷

লগতে পঢ়কঃসৰ্বভাৰতীয় পৰীক্ষাৰ বাবে বিনামূলীয়াকৈ সাজু কৰা হ’ব দৰিদ্ৰ ছাত্ৰক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.