ETV Bharat / state

কলিয়াবৰত ফ'ৰলেনযুক্ত পথ উন্নয়ন দাবী সমিতিৰ পথ অৱৰোধ - দাবী সমুহ পুৰণ নকৰাৰ অভিযোগ

ৰাইজৰ দাবী সমুহ পুৰণ নকৰা পৰ্যন্ত পথটো নিৰ্মাণ হবলৈ নিদিয়াৰ হুংকাৰ দিছে স্থানীয় ৰাইজে ৷

Protest by Four Lane development demand Committee of Kaliabor
কলিয়াবৰত চাৰিলেন যুক্ত পথ উন্নয়ন দাবী সমিতিৰ পথ অৱৰোধ
author img

By

Published : Aug 28, 2020, 5:03 PM IST

কলিয়াবৰ, 28 আগষ্ট: ফ'ৰলেনযুক্ত পথ নিৰ্মাণত ৰৈ যোৱা বিভিন্ন আসোঁৱাহ সমুহ দুৰীকৰণৰ দাবীত কলিয়াবৰৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত পথ অৱৰোধ ৷ আসোঁৱাহ সমুহ শীঘ্ৰে সমাধান কৰাৰ দাবীৰে প্ৰায় আধা ঘন্টা সময় অৱৰোধ কাৰ্যসূচীৰ ৰূপায়ন কৰে কলিয়াবৰ ফ'ৰলেনযুক্ত পথ উন্নয়ন দাবী সমিতিয়ে ৷ যাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথটোত সৃষ্টি হয় তীব্ৰ যান-জঁটৰ ৷

কলিয়াবৰত চাৰিলেন যুক্ত পথ উন্নয়ন দাবী সমিতিৰ পথ অৱৰোধ

উল্লেখ্য যে, কলিয়াবৰ তিনিআলিত নিৰ্মাণ হোৱা চাৰি ফ'ৰলেনযুক্ত পথৰ কাষত উপ পথ নিৰ্মাণ আৰু নলাৰ ব্যৱস্থাৰ দাবী কৰিছিল স্থানীয় ৰাইজ তথা কলিয়াবৰ ফ'ৰলেনযুক্ত পথ উন্নয়ন দাবী সমিতিয়ে ৷ কিন্তু বহুবাৰ দাবী জনোৱাৰ পাছতো দাবী সমুহ পুৰণ নকৰাৰ অভিযোগ ৰাইজৰ ৷ যাৰ বাবে উপায়ন্তৰ হৈ ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ কৰিছে স্থানীয় জনসাধাৰণে ৷ ৰাইজৰ দাবী সমুহ পুৰণ নকৰা পৰ্যন্ত পথটো নিৰ্মাণ হবলৈ নিদিয়াৰ হুংকাৰ দিছে স্থানীয় ৰাইজে ৷

লগতে পঢ়কঃ তিনিখনকৈ শান্তি চুক্তিয়েও শান্তি ঘূৰাই আনিব নোৱাৰিলে বড়োভূমিলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.