ETV Bharat / state

উচ্ছেদক লৈ প্ৰতিবাদ সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ - Assam Rural Labour Association

নগাঁৱৰ উচ্ছেদ অভিযানক কেন্দ্ৰ কৰি মঙলবাৰে সমগ্ৰ অসমতে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাই ৷ উল্লেখ্য যে, ৰাজ্য চৰকাৰে সাম্প্ৰদায়িক নীতি অৱলম্বন কৰি সংস্থাপন ব্যৱস্থা নকৰাকৈ উচ্ছেদ চলাইছে সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাই ৷

Assam Rural Labour Association
উচ্ছেদক লৈ প্ৰতিবাদ সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ
author img

By

Published : Jun 15, 2021, 10:44 PM IST

চামগুৰি, 15 জুন : নগাঁৱৰ উচ্ছেদিত পৰিয়ালৰ প্ৰতি সংহতি জ্ঞাপন কৰি ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাই ৷ ৰাজ্যৰ চৰকাৰে শেহতীয়াকৈ আৰম্ভ কৰা উচ্ছেদ অভিযানত সাম্প্ৰদায়িত নীতি গ্ৰহণ কৰা বুলি অভিযোগ উত্থাপন কৰিছে সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ বিষয়ববীয়াই ৷

উচ্ছেদক লৈ প্ৰতিবাদ সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ

সেই অনুসৰিয়ে সংগঠনটোৱে উচ্ছেদিত পৰিয়ালৰ প্ৰতি সংহতি জ্ঞাপন কৰিবলৈ ৰাজ্যজুৰি প্ৰতিবাদ দিৱস কাৰ্যসূচী গ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল ৷ এই আহ্বান মৰ্মে মঙলবাৰে তিনিচুকীয়া, ডিব্ৰুগড়, যোৰহাট, হোজাই, মৰিগাঁও, কাৰ্বি-আংলং আৰু গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তত সংগঠনটোৰ আঞ্চলিক সমিতিসমূহে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ এই কথা সদৰি কৰিছে সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ অসম ৰাজ্য সমিতিৰ সাধাৰণ সম্পাদক অৰূপ কুমাৰ মহন্তই ৷

এক প্ৰেছ বিবৃতিৰ জৰিয়তে অৰোপ কুমাৰ মহন্তই উচ্ছেদিত পৰিয়ালৰ সংস্থাপনৰ কোনো ব্যৱস্থা নকৰাকৈ উচ্ছেদ কৰা কাৰ্যক ধিক্কাৰ দিয়ে ৷ উল্লেখ্য যে সন্থাটোৱে উচ্ছেদিত পৰিয়ালক পুনৰ সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক আহ্বান জনাই ৷ তদুপৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অন্তৱৰ্তীকালীন আদেশক অমান্য কৰি উচ্ছেদ কৰাৰ বাবে ন্যায়ালয়ৰ ফালৰ পৰা গোচৰ ৰুজু কৰিবলৈ আহ্বান জনাই সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাই ৷

লগতে পঢ়ক: এবছৰে ন্যায়ৰ পৰা বঞ্চিত বৰহোলাৰ জয়ন্ত বৰাৰ পৰিয়াল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.