ETV Bharat / state

নগাঁৱৰ এছ আৰ কে কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে শিক্ষাৰ্থীৰ প্ৰতিবাদ

ডি এল এড পাঠ্যক্ৰমৰ নামত ছাত্ৰ ছাত্ৰীৰ পৰা বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ কৰাৰ পিছত পোহৰলৈ আহে বৃহৎ জালিয়াতি ৷ ডি এল এডৰ নামত দিয়া ধন উভতাই বিচাৰি মহাবিদ্যালয়খনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিছে ছাত্ৰ ছাত্ৰী সকলে ৷

author img

By

Published : Dec 28, 2020, 6:53 PM IST

protest-against-principal-of-srk-junior-college-of-nagaon
নগাঁৱৰ এছ আৰ কে কণিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে শিক্ষাৰ্থীৰ প্ৰতিবাদ

নগাঁও, 28 ডিচেম্বৰ: নগাঁৱৰ এছ আৰ কে কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ জাকিৰ হুছেইনৰ বিৰুদ্ধে শিক্ষাৰ নামত জালিয়াতি সংঘটিত কৰা অভিযোগ ৷ ডি এল এড পাঠ্যক্ৰমৰ নামত ছাত্ৰ ছাত্ৰীক চূড়ান্ত প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন হৈছে অধক্ষ্য গৰাকীৰ বিৰুদ্ধে ৷ যাৰ পৰিপেক্ষিতত ডি এল এডৰ নামত দিয়া ধন উভতাই বিচাৰি মহাবিদ্যালয় খনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিছে ছাত্ৰ ছাত্ৰী সকলে ৷

উল্লেখ্য যে, ডি এল এডৰ নামভৰ্তি আৰু পৰীক্ষা অনুষ্ঠিত কৰাৰ নামত ছাত্ৰ ছাত্ৰীৰ পৰা বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ কৰাৰ পিছত পোহৰলৈ আহে সমগ্ৰ জালিয়াতি ৷ ইতিমধ্যে ছাত্ৰ ছাত্ৰীৰ পৰা সংগ্ৰহ কৰা ধন উভতাই দিয়াৰ লিখিত প্ৰতিশ্ৰুতিও প্ৰদান কৰিছিল মহাবিদ্যালয়খনৰ অধ্যক্ষ জাকিৰ হুছেইনে ৷ কিন্তু ধন উভতাই দিয়াৰ বাবে ছাত্ৰ ছাত্ৰীৰ পৰা লোৱা সময়ৰ ম্যাদ উকলি যোৱাত সোমবাৰে মহাবিদ্যালয়খনত ছাত্ৰ ছাত্ৰী সকল উপস্থিত হৈ সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷

লগতে পঢ়কঃ দীৰ্ঘ বিৰতিৰ মূৰত ভাৰতীয় জাতীয় কংগ্ৰেছলৈ প্ৰত্যাৱৰ্তন ডাঃ তাৰাপ্ৰসাদ দাসৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.