ETV Bharat / state

Nagaon protest with National Flag : নগাঁৱৰ ৰাজপথত পুৱাই মহাত্মা গান্ধী, কনকলতা, সুভাষ চন্দ্ৰ বসুৰ প্ৰতিবাদ - মূল্যবৃদ্ধিৰ বিৰুদ্ধে হাতত ত্ৰিৰংগা লৈ প্ৰতিবাদ

স্বাধীনতা দিৱসৰ পুৱাই নগাঁৱত অভিনৱ প্ৰতিবাদ । মূল্যবৃদ্ধিৰ বিৰুদ্ধে হাতত ত্ৰিৰংগা লৈ প্ৰতিবাদ । প্ৰতিবাদকাৰীক বাধা আৰক্ষীৰ । আৰক্ষীৰে তৰ্কযুদ্ধত লিপ্ত প্ৰতিবাদকাৰী । মহাত্মা গান্ধী, সুভাষ চন্দ্ৰ বসু, কনকলতাৰ প্ৰতীকী ৰূপত ৰাজপথত কোন কোন প্ৰতিবাদকাৰী ? প্ৰতিবাদকাৰীক আটক আৰক্ষীৰ ।

Nagaon protest with National Flag
মূল্যবৃদ্ধিৰ বিৰুদ্ধে হাতত ত্ৰিৰংগা লৈ প্ৰতিবাদ
author img

By

Published : Aug 15, 2023, 10:53 AM IST

Updated : Aug 15, 2023, 11:45 AM IST

Nagaon protest with National Flag
মূল্যবৃদ্ধিৰ বিৰুদ্ধে হাতত ত্ৰিৰংগা লৈ প্ৰতিবাদ

নগাঁও, 15 আগষ্ট : আজি 77 সংখ্যক স্বাধীনতা দিৱস ৷ দেশ তথা ৰাজ্যবাসী উদযাপন কৰিছে দেশৰ এই বিশেষ দিনটো ৷ কিন্তু দেশৰ 77 সংখ্যক স্বাধীনতা দিৱসৰ দিনাই নগাঁৱৰ ৰাজপথত দেখা গ’ল অভিনৱ প্ৰতিবাদৰ দৃশ্য । নগাঁৱৰ ৰাজপথত স্বাধীনতা দিৱসৰ পুৱাই আবিৰ্ভাৱ ঘটিল মহাত্মা গান্ধী, সুভাষ চন্দ্ৰ বসু আৰু কনকলতা বৰুৱাৰ ৷ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী বেনাৰ লৈ ৰাজপথত তিনি স্বাধীনতাৰ সেনানী ৷

দেশৰ স্বাধীনতা আন্দোলনৰ নেতৃত্বত দিয়া মহামানৱ মহাত্মা গান্ধীৰ লগতে সুভাষ চন্দ্ৰ বসু, ভগত সিং, গোপীনাথ বৰদলৈ আৰু কনকলতাক প্ৰতীকী ৰূপত উপস্থাপন কৰি হাতে হাতে ত্ৰিৰংগা পতাকা লৈ মূল্যবৃদ্ধিৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ । মূল্যবৃদ্ধি, কৰ-কাতল বৃদ্ধিৰ প্ৰতিবাদত নগাঁৱৰ কেইগৰাকীমান সচেতন সমাজ সংগঠকে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ।

স্বাধীনতা দিৱসৰ দিনাই মূল্যবৃদ্ধি ৰোধ কৰক, কৰ কাটল হ্ৰাস কৰক, আদানি-আম্বানিক দেশৰ সম্পদ বিক্ৰীৰ প্ৰচেষ্টা বন্ধ কৰক আদি শ্ল’গান দি নগাঁও ৰাজপথ পৰিভ্ৰমণ কৰে প্ৰতিবাদকাৰীসকলে । দেশ বিক্ৰী কৰিবলৈ আৰু কৰ কাটল বৃদ্ধি কৰি ৰাইজৰ কঁকাল ভাঙিবলৈ দেশ স্বাধীন কৰা নাছিল বুলি মন্তব্য কৰে প্ৰতীকী ৰূপত প্ৰতিবাদ সাব্যস্ত কৰে সচেতন সমাজ সংগঠক বিৰিঞ্চি বৰা, মোলান লস্কৰ, দুলাল বৰাকে প্ৰমুখ্য কৰি প্ৰতিবাদকাৰীসকলে ।

নগাঁও চহৰৰ মাজ-মজিয়াৰে মহামানৱ মহাত্মা গান্ধী, সুভাষ চন্দ্ৰ বসু, কনকলতাৰ প্ৰতীকী ৰূপত হাতত ত্ৰিৰংগা লৈ প্ৰতিবাদ সাব্যস্ত কৰা প্ৰতিবাদকাৰীসকলক আৰক্ষীয়ে বাধা প্ৰদানৰ চেষ্টা কৰে । কিন্তু প্ৰতিবাদকাৰীয়ে আৰক্ষীৰ সৈতে তৰ্কযুদ্ধত লিপ্ত হোৱাৰ উপৰিও আৰক্ষীৰ বাধাকো নেওচি প্ৰতিবাদ সাব্যস্ত কৰাৰ চেষ্টা কৰে । পিচত আৰক্ষীয়ে আটক কৰে প্ৰতিবাদকাৰী বিৰিঞ্চি বৰা, মোলান লস্কৰ, দুলাল বৰাসহ প্ৰতিবাদকাৰীকেইজনক ।

লগতে পঢ়ক : 77th Independence Day: গান্ধী অস্থি ধামৰ সোণসেৰীয়া অতীতৰ কথাৰে...

Last Updated : Aug 15, 2023, 11:45 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.