ETV Bharat / state

"মৃত্যু শয্যাত মাতৃভাষা" নগাঁৱত প্ৰতিবাদ

author img

By

Published : Apr 10, 2022, 8:50 PM IST

"মৃত্যুশয্যাত মাতৃভাষা" বুলি বেনাৰ লিখি প্ৰতিবাদত বহিল নগাঁৱৰ কেইবাজনো ব্যক্তি ।

Protest for mother tongue
"মৃত্যুশয্যাত মাতৃভাষা" নগাঁৱত প্ৰতিবাদ

নগাঁও,১০ এপ্ৰিল : ৰাজ্যৰ শিক্ষানুষ্ঠানত দশমশ্ৰেণীলৈকে হিন্দী বাধ্যতামূলক (Hindi compulsion in India) কৰাৰ পিছতেই ৰাজ্যজুৰি সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ । মাতৃভাষা ৰক্ষাৰ বাবে প্ৰতিবাদত নামিল নগাঁৱৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তি । দেওবাৰে নগাঁৱৰ কলঙৰ বাকৰি নেহেৰুৱালীত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে নগাঁৱৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে (Protest against Hindi Compulsion)।

"মৃত্যুশয্যাত মাতৃভাষা" বুলি বেনাৰ লিখি প্ৰতিবাদত বহিল নগাঁৱৰ কেইবাজনো ব্যক্তি । প্ৰতিবাদী কাৰ্যসূচীত কামপুৰৰ মোলান লস্কৰ, নিখিল ভাৰত কৃষক সভাৰ নগাঁও জিলা সমিতিৰ সভাপতি ৰাতুল বৰাকে প্ৰমুখ্য কৰি বহুকেইজন ব্যক্তিয়ে অংশগ্ৰহণ কৰে ।

"মৃত্যুশয্যাত মাতৃভাষা" নগাঁৱত প্ৰতিবাদ

সমগ্ৰ দেশতে হিন্দী ভাষা প্ৰৱৰ্তন কৰাৰ বাবে বিজেপি চৰকাৰে কুজকৱাজ আৰম্ভ কৰা বুলি মন্তব্য কৰে মোলান লস্কৰে । বিজেপি শাসিত অন্য ৰাজ্যৰ চৰকাৰে দিল্লীৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ কৰা বুলি মন্তব্য কৰি জাতি মাটি ভেটিৰ কথা কোৱা অসম চৰকাৰে দিল্লীৰ সিদ্ধান্তত নীৰৱতা অৱলম্বন কৰা বুলি চৰকাৰক কটাক্ষ কৰে মোলান লস্কৰে ।

লগতে পঢ়ক: Hollongi Airport rehabilitation scam : কেলেংকাৰীৰ প্ৰতিবেদনক আদৰণি চাকমা ছাত্ৰ সন্থাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.