কলিয়াবৰ, 6 অক্টোবৰ: অত্যাৱশ্যকীয় খাদ্য-সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধিৰ প্ৰতিবাদত কলিয়াবৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কলিয়াবৰ জিলা সমিতিৰ প্ৰতিবাদ ৷ বৃহস্পতিবাৰে কুঁৱৰীটোলৰ 37 নং ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ প্ৰতিকৃতি দাহ কৰে সংগঠনটোৰ সদস্য সকলে ৷ লগতে বিজেপি চৰকাৰ হায় হায়,যোগান মন্ত্ৰী হায় হায় আদি বিভিন্ন চৰকাৰ বিৰোধী শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰায় অৰ্ধ শতাধিক প্ৰতিবাদকাৰীয়ে ৷
ইফালে মূল্যবৃদ্ধিৰ প্ৰতিবাদত কলিয়াবৰ তিনিআলিত আমছুৱে ৰূপায়ণ কৰে 2 ঘন্টীয়া অৱস্থান কাৰ্যসূচী ৷ মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা চৰকাৰৰ বিৰুদ্ধে কলিয়াবৰ মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত ৰূপায়ণ কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী ৷ যোগান মন্ত্ৰী গ' বেক,মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰক আদি বিভিন্ন শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদ কাৰীসকলে ৷ আনহাতে মূল্য বৃদ্ধি ৰোধৰ দাবীৰে মহকুমাধিপতিৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে আমছুৱে ৷
লগতে পঢ়কঃ প্ৰশান্ত ফুকন চেলেপু মানুহঃ নীলমনি সেন ডেকা