ETV Bharat / state

কামপুৰৰ কচুৱাত গ্ৰাম্য শিৰোৰত্ন বঁটা প্ৰদান

author img

By

Published : Nov 1, 2020, 5:29 PM IST

কামপুৰৰ কচুৱাত শিল্পী, সাহিত্যিক, কবি, ক্ৰীড়াবিদকে ধৰি বিভিন্ন ক্ষেত্ৰৰ প্ৰতিভাসম্পন্ন ১৭ গৰাকীকৈ ব্যক্তিক গ্ৰাম্য শিৰোৰত্ন বঁটা প্ৰদান কৰা হয় ৷ অসম গৰীয়সী পুথি সংৰক্ষণ আৰু সাহিত্য-সংস্কৃতি বিকাশ মঞ্চৰ উদ্যোগত অনুষ্ঠিত বঁটা বিতৰণী অনুষ্ঠানত কণ্ঠশিল্পী কৃষ্ণমণি নাথকো প্ৰদান কৰা হয় বঁটা ৷

গ্ৰাম্য শিৰোৰত্ন বঁটা প্ৰদান
গ্ৰাম্য শিৰোৰত্ন বঁটা প্ৰদান

বঢ়মপুৰ, 1 নৱেম্বৰ: অসম গৰীয়সী পুথি সংৰক্ষণ আৰু সাহিত্য-সংস্কৃতি বিকাশ মঞ্চৰ উদ্যোগত কামপুৰৰ কচুৱাত গ্ৰাম্য শিৰোৰত্ন বঁটা প্ৰদান ৷ কচুৱা কণিষ্ঠ মহাবিদ্যালয় প্ৰাংগনত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত শিল্পী, সাহিত্যিক, কবি, ক্ৰীড়াবিদকে ধৰি বিভিন্ন ক্ষেত্ৰৰ প্ৰতিভাসম্পন্ন ১৭ গৰাকীকৈ ব্যক্তিক বঁটা প্ৰদান কৰা হয় ৷ য'ত কণ্ঠশিল্পী কৃষ্ণমণি নাথকো প্ৰদান কৰা হয় এই বঁটা ৷ বঁটা প্ৰদান অনুষ্ঠানত কণ্ঠশিল্পী গৰাকীয়ে মহামাৰী কৰ'ণাৰ প্ৰাদুৰ্ভাৱৰ সময়তে লিখা এটা কবিতা পাঠ কৰাৰ লগতে গীতো পৰিৱেশন কৰে ৷

কামপুৰৰ কচুৱাত গ্ৰাম্য শিৰোৰত্ন বঁটা প্ৰদান

আনহাতে ৰাজ্য তোলপাৰ লগাই থকা মিঞা সংগ্ৰহালয় সন্দৰ্ভতো মত প্ৰকাশ কৰে কণ্ঠশিল্পী গৰাকীয়ে ৷ তেওঁৰ কয়, মুছলমান অধ্যুষিত অঞ্চল কচুৱাত যদি সাহিত্য, সংস্কৃতি আৰু কবিতা চৰ্চা হয়, তেনেহলে অসমত সকলো জাতি জনগোষ্ঠী কিয় একত্ৰিত হৈ থাকিব নোৱাৰিব ৷ তেওঁলোকৰ ভিন্ন পদক্ষেপৰো শলাগ লয় কণ্ঠশিল্পী কৃষ্ণমণি নাথে ৷ তেওঁৰ মতে, কেইজনমান লোকৰ বাবে সকলো লোককে বিচাৰ কৰিব নোৱাৰে কিয়নো কচুৱাত সকলো সম্প্ৰদায়ে মিলি কাম কৰি গৈছে ৷ লগতে তেওঁ ৰাজনীতিলৈ ঢাপলি মেলা শিল্পী সকলক লৈয়ো মন্তব্য কৰে ৷ তেওঁ উল্লেখ কৰা অনুসৰি, অসমত হাজাৰ গৰাকী শিল্পী আছে, তাৰ মাজত কেৱল মুষ্টিমেয় শিল্পীহে ৰাজনীতিলৈ গৈছে ৷ এই ক্ষেত্ৰত তেওঁৰ ক'বলগীয়া একো নাই, কিয়নো গণতান্ত্ৰিক দেশ এখনত এইয়া তেওঁলোকৰ গণতান্ত্ৰিক অধিকাৰ বুলি কোৱাৰ লগতে তেওঁ যে, ৰাজনীতিৰ প্ৰতি আগ্ৰহী নহয় সেই বিষয়েও স্পষ্ট কৰি দিয়ে ৷

লগতে পঢ়ক: কাৰ দখলত যাব পাটাছাৰকুছি : অগপৰ স্পষ্ট মত প্ৰাৰ্থী আমিয়েই প্ৰদান কৰিম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.