নগাঁও, 8 অক্টোবৰ : নগাঁও কেন্দ্ৰীয় কাৰাগাৰ আৰু বিশেষ কাৰাগাৰত এইডছ আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি পোৱাক লৈ উদ্বিগ্ন হৈ পৰিছে স্বাস্থ্য বিভাগ । দুয়োখন কাৰাগাৰৰ কয়দীৰ মাজত অতি ভয়ংকৰ হাৰত বৃদ্ধি পাইছে এইচ আই ভি পজেটিভৰ সংখ্যা। বিগত ছেপ্টেম্বৰ মাহলৈকে দুয়োখন কাৰাগাৰত সৰ্বমুঠ ৮৫ গৰাকী কয়দীৰ দেহত ধৰা পৰিছে এইচ আই ভি পজিটিভ ।
এইডচত আক্ৰান্ত হোৱা বুলি নিশ্চিত কৰা কয়দী সকলৰ ভিতৰত আছে নগাঁও বিশেষ কাৰাগাৰৰ ৪৫ জন আৰু নগাঁও কেন্দ্ৰীয় কাৰাগাৰৰ ৪০ জন কয়দী ৷ আনহাতে, অক্টোবৰ মাহত নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত পৰীক্ষাৰ সময়ত ৬ গৰাকী ব্যক্তিৰ দেহত ধৰা পৰিছে এইচ আই ভি পজেটিভ । উল্লেখ্য যে, জিলা খনত যোৱা জানুৱাৰীৰ পৰা জুলাই মাহ পৰ্যন্ত মুঠ ৮৫ জন ব্যক্তিৰ দেহত ধৰা পৰিছিল এইচ আই ভি পজিটিভ ।
ইয়াৰে ৩০ গৰাকীয়েই আছিল কয়দী । জানিব পৰা মতে, এইচ আই ভি পজিটিভ ধৰা পৰা কয়দী সকলৰ অধিকাংশই ড্ৰাগছ আসক্ত আছিল । চিৰিঞ্জৰে ড্ৰাগছ ব্যৱহাৰ কৰাৰ ফলতেই এইডচ আই ভি ত আক্ৰান্ত হোৱা বুলি স্বাস্থ্য বিভাগৰ এক সূত্ৰই প্ৰকাশ কৰিছে । অৱশ্যে, নগাঁৱৰ দুই কাৰাগাৰৰ কয়দীৰ মাজত এইডছ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ কাৰণ যৌনতাও হ'ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে খোদ স্বাস্থ্য বিভাগে ।
লগতে পঢ়ক : আদানীৰ হাতলৈ বৰঝাৰ বিমানবন্দৰ; এজেপিৰ মৌন প্ৰতিবাদআদানীৰ হাতলৈ বৰঝাৰ বিমানবন্দৰ; এজেপিৰ মৌন প্ৰতিবাদ