নগাঁও, 26 জুলাই : দেওবাৰে নগাঁও কেন্দ্ৰীয় কাৰাগাৰ পৰিদৰ্শন কৰিলে কাৰাগাৰ মহাপৰিদৰ্শক দশৰথ দাসে ৷ কাৰাগাৰ পৰিদৰ্শন কৰি অসমৰ মুঠ 31 খন কাৰাগাৰৰ ভিতৰত 13 খন কাৰাগাৰত কৰ'ণা আক্ৰান্ত লোক পোৱা বুলি উল্লেখ কৰে মহাপৰিদৰ্শক গৰাকীয়ে ৷ ইয়াৰ পাচতেই স্বাস্থ্য বিধি ৰক্ষা কৰি কাৰাগাৰসমূহত বিহীত ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে তেওঁ ৷ নগাঁৱৰ কেন্দ্ৰীয় কাৰাগাৰতো এই সকলো ব্যৱস্থা সুকলমে গ্ৰহণ কৰা হৈছে বুলি জনায় মহাপৰিদৰ্শক গৰাকীয়ে ৷ কেন্দ্ৰীয় কাৰাগাৰ খনত মুঠ 292 গৰাকী লোকৰ কৰ'ণা পৰীক্ষা কৰোৱা হৈছিল আৰু 64 গৰাকী লোকৰ দেহত ধৰা পৰিছিল এই মহামাৰীৰ অৱস্থিতি ৷ বৰ্তমানে কাৰাগাৰৰ ভিতৰতে তেওঁলোকক আইচ'লেশ্যন কৰি চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে ৷ নগাঁৱৰ বিশেষ কাৰাগাৰত এটা COVID কেয়াৰ কেন্দ্ৰ স্থাপনৰ বাবে প্ৰশাসনৰ তৰফৰ পৰা ব্যৱস্থা কৰি থকা হৈছে বুলি উল্লেখ কৰিছে ৷ অমসৰ সকলো কাৰাগাৰতে স্বাস্থ্য বিধিৰ প্ৰতি লক্ষ্য ৰাখি বিহীত ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে কাৰাগাৰ মহাপৰিদৰ্শক দশৰথ দাসে ৷
কাৰাগাৰত কৰ'ণা আক্ৰান্ত লোক পোৱাৰ পাচতে স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ দ্বাৰা কাৰাগাৰ সমূহত বিশেষভাৱে প্ৰশিক্ষণপ্ৰাপ্ত চিকিৎসক মোতায়েন কৰা হৈছে বুলি জানিবলৈ দিয়ে মহাপৰিদৰ্শক গৰাকীয়ে ৷ এই ক্ষেত্ৰত কৰ'ণাৰ লক্ষণ দেখা দিয়া লোকক কৰ'ণা চিকিৎসাৰ বাবে থকা সংশ্লিষ্ট চিকিৎসাসয়তো প্ৰেৰণ কৰা হৈছে ৷ বৰ্তমানলৈ অসমৰ কাৰাগাৰসমূহত থকা মুঠ 4680 গৰাকী লোকৰ কৰ'ণা পৰীক্ষা কৰা হৈছে ৷ ইয়াৰ ভিতৰত সমগ্ৰ অসমতে মুঠ 666 গৰাকী কাৰাবন্দীৰ দেহত কৰ'ণাৰ অৱস্থিতি পোৱা গৈছে ৷ ইতিমধ্যে 283 গৰাকী কাৰাবন্দীয়ে আৰোগ্য লাভ কৰিছে এই মহামাৰীৰ কবলৰ পৰা ৷ লগতে কাৰাগাৰত কৰ্মৰত লোকসকলৰ সুৰক্ষাৰ বাবেও সুৰক্ষা প্ৰদান কৰা হৈছে ৷ ইয়াৰোপৰি অসমৰ ভিন্ন প্ৰান্তৰ কাৰাগাৰৰ মুঠ 11 গৰাকী কৰ্মচাৰীৰ দেহত কৰ'ণাৰ অৱস্থিতি পোৱা গৈছে ৷ তেওঁলোকৰ চিকিৎসাৰ ক্ষেত্ৰত গ্ৰহণ কৰা হৈছে বিশেষ ব্যৱস্থা ৷ লগতে তেওঁলোকৰ ভিতৰত 3 গৰাকী লোকে অব্যাহতি লাভ কৰিছে এই মহামাৰীৰ কবলৰ পৰা ৷ এই বিষয়ে সাংবাদিকৰে হোৱা বাৰ্তালাপত জানিবলৈ দিয়ে কাৰাগাৰ মহাপৰিদৰ্শক দশৰথ দাসে ৷