ETV Bharat / state

অধ্যক্ষৰ বিৰুদ্ধে ছাত্ৰীক অশালীন প্ৰস্তাৱৰ অভিযোগ

author img

By

Published : Nov 26, 2019, 8:58 PM IST

ছাত্ৰীক অশালীন প্ৰস্তাৱ দিয়াৰ অভিযোগ উত্থাপন হৈছে খুমটাইৰ ঐতিহ্যমণ্ডিত বেতিয়নি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে ৷ ভুক্তভোগী ছাত্ৰীগৰাকীৰ মাতৃৰ লগতে স্থানীয় ৰাইজৰ অভিযোগ অধ্যক্ষগৰাকীয়ে ইয়াৰ পূৰ্বেও অনুৰূপ ঘটনা সংঘটিত কৰিছে ৷

Principal harasses student at Khumtai
অধ্যক্ষৰ বিৰুদ্ধে ছাত্ৰীক অশালীন প্ৰস্তাৱৰ অভিযোগ

গোলাঘাট, 26 নৱেম্বৰঃ খুমটাইৰ ঐতিহ্যমণ্ডিত বেতিয়নি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি ৷ ছাত্ৰীক অশালীন প্ৰস্তাৱ দিয়াৰ অভিযোগ উত্থাপন হৈছে বিদ্যালয়খনৰ অধ্যক্ষৰ বিৰুদ্ধে ৷ উল্লেখ্য যে, শনিবাৰে বিদ্যালয়খনৰ এগৰাকী ছাত্ৰীক বিদ্যালয়খনৰ অধ্যক্ষ বিপুল ভাগৱতীয়ে অশালীন প্ৰস্তাৱ দিয়াৰ অভিযোগ উত্থাপন কৰে ছাত্ৰীগৰাকীয়ে ৷ আনহাতে,ভুক্তভোগী ছাত্ৰীগৰাকীৰ মাতৃৰ লগতে স্থানীয় ৰাইজৰ অভিযোগ অধ্যক্ষগৰাকীয়ে ইয়াৰ পূৰ্বেও অনুৰূপ ঘটনা সংঘটিত কৰিছে ৷

অশালীন প্ৰস্তাৱ অধ্যক্ষৰ

উক্ত ঘটনাক কেন্দ্ৰ কৰি সম্প্ৰতি বিদ্যালয়খনত এক প্ৰকাৰৰ চাঞ্চল্যকৰ পৰিৱেশৰ সৃষ্টি হৈছে ৷ ইয়াৰ প্ৰতিবাদত মঙলবাৰে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে শ্ৰেণী বৰ্জন কাৰ্যসূচী ৰূপায়ণ কৰে ৷ বিদ্যালয়খনৰ ছাত্ৰ একতা সভা,বিদ্যালয় পৰিচালনা সমিতি,স্থানীয় লোককে ধৰি আছুৱেও অধ্যক্ষগৰাকীৰ বিৰূদ্ধে শাস্তিমূলক প্ৰস্তাৱৰ দাবী উত্থাপন কৰিছে ৷ অধ্যক্ষগৰাকীৰ বিৰুদ্ধে বিভাগীয় কতৃপক্ষই কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে তীব্ৰ আন্দোলনৰ হুংকাৰ প্ৰদান কৰে বিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদকগৰাকীয়ে ৷

আৰু পঢ়ক- নগাঁও আৰক্ষীৰ সফলতা : বৃহৎ পৰিমাণৰ অস্ত্ৰসহ আটক ডকাইতৰ দল

Intro:খুমটাইৰ ঐতিহ্যমন্দিত বেতিয়নি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় বিদ্যালয় খনৰ অধ্যক্ষ গৰাকীৰ বিৰুদ্ধে।Body:.খুমটাইৰ বেতিয়নী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চাঞ্চল্যকৰ ঘটনা ৷ বিদ্যালয় খনৰ অধ্যক্ষৰ বিৰুদ্ধে ছাত্ৰীক অশালীন প্ৰস্তাৱৰ অভিযোগ ৷ উল্লেখ্য যে শণিবাৰে বিদ্যালয়খনৰ এগৰাকী অষ্টম মান শ্ৰেণীৰ এগৰাকী ছাত্ৰীক বিদ্যালয়খনৰ অধ্যক্ষ বিপুল ভাগৱতীয়ে হাতত ধৰি অশালীন প্ৰস্তাৱ দিয়াৰ অভিযোগ দিয়ে ৷ বিদ্যালয়খনৰ অধ্যক্ষগৰাকীয়ে ১০ টকা দি এগৰাকী ছাত্ৰীক চুমা খাবলৈ বিচৰাৰ অভিযোগ ভুক্তভোগী ছাত্ৰীগৰাকীৰ ৷ উল্লেখ্য ভুক্তভোগী ছাত্ৰীগৰাকীৰ মাতৃৰ লগতে স্থানীয় ৰাইজৰ অভিযোগ মতে আগতেও বিদ্যালয়খনত এইগৰাকী শিক্ষকে এনেধৰনৰ ঘটনা সংঘটিত কৰি আহিছে ৷ উক্ত ঘটনাক কেন্দ্ৰ কৰি বিদ্যালয়ৰ ছাত্ৰ একতা সভা, বিদ্যালয় পৰিচালনা সমিতি, স্থানীয় লোক, আছুকে ধৰি সকলোৱে অধ্যক্ষগৰাকীক শাস্তিমূলক বদলি কৰিবলৈ বিভাগীয় কতৃপক্ষক দাবী জনাইছে ৷ এই ঘটনাক কেন্দ্ৰ কৰি বিদ্যালয়খনত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷আজি ছাত্র ছাত্ৰী সকলে শ্ৰেণী বৰ্জন কায্যসূচি ৰুপায়ন কৰে। বিদ্যালয়খনৰ এনে কৰ্মকাণ্ডক লৈ শিক্ষাৰ পৰিবেশ বিনষ্ট হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ অধ্যক্ষগৰাকীৰ বিৰুদ্ধে বিভাগীয় কতৃপক্ষই যদি কোনো ব্যৱস্থা গ্ৰহন নকৰে তেতিয়া তিব্ৰ আন্দোলন কৰা হব বুলি হুংকাৰ বিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ সাধাৰন সম্পাদকগৰাকীৰ।Conclusion:Byte 1/ ভুক্তভূগী ছাত্ৰী।

2/ ছাত্র একটা সভাৰ সাধাৰণ সম্পাদক।

খুমটাইৰ পৰা দিপক হাজৰিকা।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.