ETV Bharat / state

শ্বহীদ দিৱস উদযাপন সন্দৰ্ভত কলিয়াবৰ ছাত্ৰ সন্থাৰ সংবাদমেল

author img

By

Published : Nov 3, 2020, 7:57 PM IST

সীমিত কাৰ্যসূচীৰে পালন কৰা হ’ব শ্বহীদ দিৱস ৷ কলিয়াবৰত এক সংবাদমেল সম্বোধন কৰি এই বিষয়ে প্ৰকাশ কৰে আয়োজক সমিতিৰ বিষয়ববীয়া সকলে ৷

Press meet of Swahid Diwas at Kaliabor assam etv bharat news
সংবাদমেল

কলিয়াবৰ,3 নৱেম্বৰ: কোভিড 19 ৰ সংক্ৰমণ ৰোধ কৰিবলৈ সীমিত সংখ্যক কাৰ্যসূচীৰে এইবেলি উদযাপন কৰা হ’ব শ্বহীদ দিৱস ৷ সেই উপলক্ষে কলিয়াবৰত মঙলবাৰে এক সংবাদমেল সম্বোধন কৰে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে ৷ এই দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত হৈ অহা সদৌ অসম শ্বহীদ নৰেন্দ্ৰ নাথ মহন্ত সোঁৱৰণী একাংকিকা নাট প্ৰতিযোগিতাখন এইবেলি বাতিল কৰা হৈছে । ইয়াৰ পৰিৱৰ্তে অনুষ্ঠিত কৰা হ’ব সদৌ অসম কলিয়াভোমোৰা মাৰাথন দৌৰ প্ৰতিযোগিতা ৷

বিগত 20 অক্টোবৰত অনুষ্ঠিত এক সভাত বিগত বৰ্ষৰ হিচাপ দাখিলৰ পিছতে এইবৰ্ষৰ শ্বহীদ দিৱস পৰিচালনা সমিতি গঠন কৰা হৈছিল । কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ কুঁৱৰীটোলস্থিত কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত এই কথা প্ৰকাশ কৰে আয়োজক সমিতিৰ বিষয়ববীয়াসকলে ৷

লগতে চাওকঃ কমলপুৰত অবৈধ প্ৰতিষ্ঠানৰ বিৰুদ্ধে প্ৰসাসনৰ উচ্ছেদ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.